বাংগালুৰুৰ পৰা চাইকেল যাত্ৰাৰে নাৰায়ণপুৰত উপস্থিত অসমৰ যুৱক ৰূপক

বাংগালুৰুৰ পৰা চাইকেল যাত্ৰাৰে নাৰায়ণপুৰত উপস্থিত অসমৰ যুৱক ৰূপক

কে'বাটাও গুৰুত্বপূৰ্ণ দাবীৰে সুদূৰ বাংগালুৰুৰ পৰা যোৱা ১৫ নৱেম্বৰত অসম অভিমুখে চাইকেল যাত্ৰা আৰম্ভ কৰা ৰূপক শইকীয়া নামৰ যুৱকজন আজি দুপৰীয়া আহি জন্মভূমি নাৰায়ণপুৰত উপস্থিত হয় ।

নাৰায়ণপুৰত উপস্থিত হোৱাৰ পিছতে উদ্যমী যুৱকজনক নাৰায়ণপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা এখন বিশেষ সভাত আছু, যুৱ-ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে আদৰণি জনায় ।

প্ৰায় শতাধিক শুভাকাংক্ষীয়ে বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ সীমান্তৱৰ্তী হাৱাজানৰ পৰা আদৰি আনে ৰূপক শইকীয়া নামৰ যুৱকজনক । অৱশ্যে যোৱা ৭ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ কথা আছিল যদিও সেয়া সম্ভৱ নহ'ল ।

বাংগালুৰুৰ পৰা চাইকেল যাত্ৰাৰে নাৰায়ণপুৰত উপস্থিত অসমৰ যুৱক ৰূপক

অৱশেষত লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে দাবীসমূহ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে নাৰায়ণপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰি আজি আহি উপস্থিত হয় ।

উল্লেখ্য যে নাৰায়ণপুৰৰ সমীপৰ ভোলাবৰী নিবাসী পুতু শইকীয়া আৰু সৰুমাই শইকীয়াৰ একমাত্ৰ পুত্ৰ ৰূপকে দীৰ্ঘদিন ধৰি কৰ্মসূত্ৰে বাংগালুৰুৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল ।

অসমৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত ৰূপকে এই ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰে । বাংগালোৰৰ এছ এছ চি এছ বি অসমীয়া নামঘৰৰ পৰা যোৱা ১৫ নৱেম্বৰৰ পুৱা এই যাত্ৰা আৰম্ভ কৰা ৰূপকে অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সুৰক্ষা নিশ্চিত কৰা, অসমৰ বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা, অসমৰ থলুৱা শিক্ষিত লোকৰ নিযুক্তি দিয়াকে ধৰি কে'বাটাও গুৰুত্বপূৰ্ণ শ্লোগানেৰে এই যাত্ৰা আৰম্ভ কৰিছিল অসম সন্তান ৰূপক শইকীয়াই ।

প্ৰতিদিনে ১৮০ৰ পৰা ২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি মুঠ ৩,৪০০ কিলোমিটাৰ পথ শেষ কৰি নাৰায়ণপুৰত উপস্থিত হয়হি ৰূপক । নাৰায়ণপুৰত উপস্থিত হৈ উদ্যমী যুৱকজনে অসমবাসীক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।

যুৱকজনৰ এই যাত্ৰাক লৈ উৎফুল্লিত হৈ পৰিছে জন্মস্থান ভোলাবৰীবাসীৰ লগতে সমগ্ৰ নাৰায়ণপুৰ-লখিমপুৰবাসী ।

Your Comments