নাগ্রীজুলি উন্নয়ন খণ্ডৰ অধীনত ভূমি উন্নয়ন আৰু নলা নিৰ্মাণৰ শুভাৰাম্ভ 

a

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্রীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত ২নং কালিপুৰ আৰু ভাৰত-ভূটান সীমান্তৰ বগাজুলিত আজি এম জি এন ৰেগাৰ অধীনত দুখনকৈ উন্নয়নমূলক আঁচনিৰ কামৰ শুভাৰাম্ভ কৰা হয় । নাগ্রীজুলি উন্নয়ন খণ্ডৰ অধীনৰ ২নং কালিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ ভূমি উন্নয়নৰ বাবে আৱণ্টিত ১০ লাখ টকীয়া আচঁনিখন আজি ৰাতিপুৱা ১০ বজাত এক ১নং পূৱ কুমাৰীকাটা ভি চি ডি চিৰ অধ্যক্ষ অলাউদ্দিন আহমেদৰ উপস্থিতিত এক মাঙ্গলিক পৰিবেশত শুভাৰম্ভ কৰে নাগ্রীজুলি ব্লক বি পি এফৰ সভাপতি খেম বাহাদুৰ থাপাই ।

আঁচনিখন শুভাৰাম্ভ কৰা অনুষ্ঠানটোত নাগ্রীজুলি টি চি এল চি চিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অজিত বসুমতাৰী, স্থানীয় যুৱ সমাজকৰ্মী ভক্তবাহাদুৰ লিম্বু, নাগ্রীজুলি ব্লক বি পি এফ আৰু নাগ্ৰিজুলি প্ৰাইমাৰী বি পি এফ সমিতিৰ বিষয়-ববীয়া, নেতা-কৰ্মী, স্থানীয় ৰাইজৰ লগতে বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীসকল উপস্থিত থাকে।

ইয়াৰ উপৰিও নাগ্রীজুলি উন্নয়ন খণ্ডৰ অধীনৰ বগাজুলিতো আজি এম জি এনৰেগাৰ অধীনত ৩ লাখ টকা ব্যয় সাপেক্ষে  নিৰ্মাণ কৰিবলগীয়া নলা নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰা হয় । ১নং পূৱ কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ আলাউদ্দিন আহমেদৰ তত্বাৱধানত নিৰ্মাণ হ'বলগীয়া নলা নিৰ্মাণ আঁচনিখনৰ শুভাৰাম্ভ কৰে নাগ্রীজুলি টি চি এল চি চিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অজিত বসুমতাৰীয়ে ।

ভি চি ডি চি ৰ অধ্যক্ষ আলাউদ্দিন আহমেদে সাংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ভাৰত-ভূটান সীমান্তৰ বাগজুলিত ৩ লাখ টকীয়া এই নলা নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'লে বগাজুলি অঞ্চলৰ বিস্তীৰ্ণ কৃষিভূমিত পানী যোগানৰ ব্যৱস্থা সুচল হ'ব আৰু  আৰু এই আঁচনিৰ জৰিয়তে বহু কৃষক পৰিয়াল লাভান্বিত হ'ব ।

Your Comments