পুনৰ ভূমিকম্পত কপিল ইণ্ডোনেছিয়া

zx

পুৱতি নিশাই পুনৰ ভূমিকম্পই জোকাৰি গ'ল ইণ্ডোনেছিয়া৷ ইণ্ডোনেছিয়াৰ লম্ব'কত অনুভূত হোৱা ৫.৫ প্ৰাবল্যত অহা এক ভূমিকম্পই গোটেই দেশখন কপাই থয় যায়৷ এই ৫.৫ প্ৰাব্যল্যৰ ভূমিকম্পৰ ফলত প্ৰাপ্ত খবৰ অনুসৰি ৭জন লোকৰ মৃত্যু হৈছ আৰু বহুতো লোক আহত হোৱাৰ ওপৰিও প্ৰায় ৮০০০ লোকৰ ঘৰ ধ্বংস হৈছ৷ সেইবাবে এই ভূমিকম্পৰ ফলত জনসাধাৰণৰ মাজত এক শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে৷ এইক্ষেত্ৰত ইণ্ডোনেছিয়াৰ চৰকাৰে ধ্বংস হোৱা অঞ্চলসমূহলৈ গৈ লোকসকলক উদ্ধাৰ কৰা বাবে সেনা আৰু দুৰ্যোগ বিভাগক নিৰ্দেশ দিছে৷

Your Comments