ফ্ৰান্সত প্ৰজা বিদ্ৰোহৰ উকমুকনি : সংকটত ৰাষ্ট্ৰপতি

ফ্ৰান্সত প্ৰজা বিদ্ৰোহৰ উকমুকনি : সংকটত ৰাষ্ট্ৰপতি

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে দেশখনৰ জনতাই বিদ্ৰোহ ঘোষণা কৰি নামি পৰিছে ৰাজপথত ৷ আজি প্ৰজা বিদ্ৰোহৰ সূচনা কৰি ফ্ৰান্সৰ ৰাজধানী পেৰিছত দেশখনৰ জনতাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

প্ৰতিবাদৰ সময়ত সংঘটিত হয় বহু হিংসাত্মক ঘটনাও ৷ উল্লেখ্য যে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰানে ইন্ধনজাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰাক লৈ দেশখনৰ জনসাধাৰণ ক্ষোভিত হৈ পৰিছে ৷

ফ্ৰান্সত প্ৰজা বিদ্ৰোহৰ উকমুকনি : সংকটত ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতিৰ এই সিদ্ধান্ত বাতিলৰ বাবে ইতিমধ্যে জনসাধাৰণে বহুতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ লগতে আন্দোলনতো নামি পৰে ৷ কিন্তু ৰাষ্ট্ৰপতিয়ে নিজৰ সিদ্ধান্তত অটল থাকে ৷

ফলত আজি প্ৰায় ৪০ হাজাৰোধিক লোক ৰাজপথলৈ ওলাই আহি আন্দোলনত নামি পৰাৰ লগতে হিংসাত্মক ঘটনাতো লিপ্ত হয় ৷ প্ৰতিবাদকাৰীসকলে আনকি আৰক্ষীৰ গালৈ শিলগুটি দলিওৱাৰ ফলত বহুসংখ্যক আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হোৱাৰ পিছত আৰক্ষীয়ে আন্দোলনকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ, পানীহিলৈ নিক্ষেপ কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰে ৷

এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক লোক আহত হোৱাৰ লগতে বহু লোকক আৰক্ষীয়ে কৰায়ত্ত কৰে ৷ উল্লেখ্য যে হিংসাত্মক ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু নিশ্চিদ্ৰ নিৰাপত্তা ব্যস্তনীৰে ৰাষ্ট্ৰপতিগৰাকীয়ে এই অঞ্চলসমূহ পৰ্যবেক্ষণ কৰে ৷

ঘটনা সম্পৰ্কত ৰাষ্ট্ৰপতিগৰাকীয়ে চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷ ইতিমধ্যে ৰাষ্ট্ৰখনৰ গৃহমন্ত্ৰণালয়ে চহৰখনত জৰুৰী অৱস্থা ঘোষণা কৰিছে ৷ 

Your Comments