উত্তৰ-পূব দক্ষতা কেন্দ্ৰ : নিবনুৱা যুৱক-যুৱতীৰ বাবে এক আশাৰ বতৰা

উত্তৰ-পূব দক্ষতা কেন্দ্ৰ : নিবনুৱা যুৱক-যুৱতীৰ বাবে এক আশাৰ বতৰা

অসমৰ নিবনুৱা যুৱক-যৱতীসকলৰ দক্ষতা বিকাশ সাধন কৰি উদ্যোগৰ মানৱ সম্পদৰ চাহিদা পূৰণ কৰিব পৰাকৈ পাৰ্গত কৰি তোলাৰ বাবে অসম দক্ষতা বিকাশ অভিযানে উত্তৰ-পূব দক্ষতা কেন্দ্ৰ (North East Skill Center) নামেৰে এক অভিলাষী প্ৰকল্প গ্ৰহণ কৰিছে ।

তাৰবাবে চাৰিটা খণ্ড বাছি লোৱা হৈছে । সৌন্দৰ্য আৰু সুস্থতা (Beauty & Wellness), খুচুৰা সেৱা (Retail), আতিথ্য খণ্ডৰ খাদ্য আৰু পানীয় বিভাগ (Hospitality  আৰু গৃহ পৰিচৰ্যা (House Keeping) । উক্ত চাৰিটা খণ্ডত এবছৰীয়া পূ্ৰ্ণকালীন চাৰ্টিফিকেট পাঠ্যক্ৰম উত্তৰ-পূব দক্ষতা কেন্দ্ৰই আগবঢ়াব ।

উত্তৰ-পূব দক্ষতা কেন্দ্ৰ : নিবনুৱা যুৱক-যুৱতীৰ বাবে এক আশাৰ বতৰা

গুৱাহাটীত এটা দক্ষতা কেন্দ্ৰ স্থাপন কৰাৰ বাবে ২০১৭ চনৰ নৱেম্বৰ মাহত অসম চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল ।

সেইমৰ্মে ছিংগাপুৰৰ ইনষ্টিটিউট অব্‌ টেকনিকেল এণ্ড এডুকচনেল ছাৰ্ভিচেজ (ITEES, Singapore) নামৰ বিশ্ববিখ্যাত সংস্থাটোৱে অসমৰ প্ৰেক্ষাপটত কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনমূলক বিশ্লেষণ কৰি উত্তৰ-পূব দক্ষতা কেন্দ্ৰ প্ৰতিষ্ঠাৰ বাবে আৱশ্যকীয় অনুমোদন আগবঢ়ায় ।

উত্তৰ-পূব দক্ষতা কেন্দ্ৰ : নিবনুৱা যুৱক-যুৱতীৰ বাবে এক আশাৰ বতৰা

তাৰ ফলস্বৰূপে অসম চৰকাৰৰ দক্ষতা বিকাশ অভিযান আৰু ছিংগাপুৰৰ প্ৰতিষ্ঠানটোৰ যুটীয়া উদ্যোগত উত্তৰ-পূব দক্ষতা কেন্দ্ৰ প্ৰতিষ্ঠা হয় । 
গুৱাহটীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আহল-বহল চৌহদত অৱস্থিত উত্তৰ-পূব দক্ষতা কেন্দ্ৰত আন্তৰ্জাতিক মানৰ প্ৰশিক্ষণ দিয়াৰ বাবে পৰীক্ষাগাৰকে ধৰি সকলো সুবিধা উপলদ্ধ হ’ব ।

উত্তৰ-পূব দক্ষতা কেন্দ্ৰ : নিবনুৱা যুৱক-যুৱতীৰ বাবে এক আশাৰ বতৰা

এই কেন্দ্ৰৰ প্ৰশিক্ষকসকলে ইতিমধ্যে ছিংগাপুৰত প্ৰশিক্ষণ সমাপ্ত কৰি আহিছে । আন প্ৰশিক্ষণ কেন্দ্ৰবোৰৰ লগত উত্তৰ-পূব দক্ষতা কেন্দ্ৰৰ পাৰ্থক্য এয়ে যে ইয়াৰ উদ্যোগ ক্ষেত্ৰৰ সহযোগীসকলৰ সহায়ত অতিথি বক্তৃতা, ঔদ্যোগিক ভ্ৰমণ, ইণ্টাৰ্নশ্বিপ আদিৰ সুবিধা থাকিব ।

প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থীসকল সকলো দিশতে পাৰ্গত হৈ উঠাৰ লগতে তেওঁলোকৰ নিযুক্তিৰ বাবে উদ্যোগৰ সৈতে ইতিমধ্যে বুজাবুজি সম্পন্ন হৈছে । এই পাঠ্যক্ৰমৰ প্ৰতিজন প্ৰাৰ্থীৰ বাবে অসম চৰকাৰে মুঠ মাচুলৰ ৬৫ শতাংশ বহন কৰিব ।

উত্তৰ-পূব দক্ষতা কেন্দ্ৰ : নিবনুৱা যুৱক-যুৱতীৰ বাবে এক আশাৰ বতৰা

স্কিল ইণ্ডিয়াৰ সপোন বাস্তৱায়িত কৰাৰ দিশত উত্তৰ-পূব দক্ষতা কেন্দ্ৰ এক শক্তিশালী পদেক্ষপ । ২৫ বছৰৰ তলৰ আৰু ১০+২ উত্তীৰ্ণ যুৱক-যৱতীয়ে নামভৰ্তিৰ বাবে নিম্নোক্ত ৱেৱছাইটত লগ-ইন কৰিব পাৰিব– www.asdm.assam.gov.in/www.skillmissionassam.org ।

নামভৰ্তিৰ বাবে পঞ্জীয়ন ১ ডিচেম্বৰ, ২০১৮ৰ পৰা ১৫ ডিচেম্বৰ ২০১৮লৈ মুকলি থাকিব । ছাত্ৰ-ছাত্ৰীৰ বাছনি প্ৰথমে ২২-১২-২০১৮ তাৰিখে লিখিত পৰীক্ষাৰ যোগেদি কৰা হ’ব ।

লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ পৰৱৰ্তী পৰ্যায়ত মৌখিক পৰীক্ষা লোৱাৰ পিছত নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব । এই কেন্দ্ৰত আৰ্থিকভাৱে পিছপৰা (Below Poverty Line) প্ৰাৰ্থীসকলৰ বাবে ২০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা ৰখা হৈছে ।

লগতে তেওঁলোকৰ মাচুলৰ কিছু শতাংশ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

Your Comments