মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছলমান খানতকৈও ধুনীয়া : আৰ পি শৰ্মা

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছলমান খানতকৈও ধুনীয়া : আৰ পি শৰ্মা

বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস

কংগ্ৰেছ-অগপৰ মিত্ৰতা অপবিত্ৰ মিত্ৰতা । এই মিত্ৰতাই কেতিয়াও গাঁৱৰ উন্নয়ন কৰিব নোৱাৰে । একাংশ বুদ্ধিজীৱী আৰু সংবাদ মাধ্যমে উগ্ৰপন্থীক উদগনি যোগাই আহিছে ।

বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত নিৰ্বাচনী সভাত এই মন্তব্য আগবঢ়ায় অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছলমান খানতকৈও ধুনীয়া : আৰ পি শৰ্মা

মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে ৮৫৫জন ছহিদৰ তেজৰ বিনিময়ত গঠন হোৱা অগপত এতিয়া নৈতিকতাৰ অভাৱ ঘটিছে । অসম আন্দোলনৰ ঘোৰ বিৰোধী কংগ্ৰেছ দলক আপোন কৰি নিৰ্বাচন খেলিবলৈ ওলোৱা অগপই অসমৰ তিনি কোটি পোন্ধৰ লক্ষাধিক লোকক চূড়ান্ত প্ৰৱঞ্চনা কৰা বুলি উল্লেখ কৰি তেওঁ আঞ্চলিক দলটোৰ কংগ্ৰেছৰে হোৱা এই মিতিৰালিক অপৱিত্ৰ আখ্যা দিয়ে ।

বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আদৰণী ভাষণ দিয়া সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছক এক দুৰ্নীতিত নিমজ্জিত দল বুলি অভিহিত কৰে ।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছলমান খানতকৈও ধুনীয়া : আৰ পি শৰ্মা

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত ভাৰতক সমগ্ৰ বিশ্বতে জিলিকাবলৈ সক্ষম হোৱা বুলি দাবী কৰা মুখ্য মন্ত্ৰী সোণোৱালে পঞ্চায়তৰ পৰাই দুৰ্নীতিক নিৰ্মূল কৰাৰ স্বাৰ্থত কংগ্ৰেছক নিৰ্মূল কৰি বিজেপিৰ ভেটি সবল কৰিবলৈ ভোটাৰক আহ্বান জনায় ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছৰ আমোলত হোৱা দুৰ্নীতিৰ কালিমা মোচন কৰাৰ দৰেই যোৱা আঢ়ৈটা বছৰত অসমতো বিজেপিয়ে কেনেকৈ দুৰ্নীতিবিৰোধী অভিযান আৰম্ভ কৰিছে সেয়া অসমৰ ৰাইজে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে বুলিও তেওঁ মন্তব্য কৰে ।

বিজেপি নেতা অমৰজ্যোতি বৰঠাকুৰে আঁতধৰা সভাত মুখ্য মন্ত্ৰী সোণোৱালে অসমৰ সৰ্বাঙ্গীণ উন্নয়নৰ স্বাৰ্থত গ্ৰামাঞ্চলৰ পৰাই বিজেপিৰ ভেঁটি শক্তিশালী কৰিবলৈ আহ্বান জনাই কয় যে অসমৰ গ্ৰামাঞ্চলসমূহৰ উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰে অগ্ৰাধিকাৰ দিব ।

তেওঁ কয় যে বিদেশৰ দৰেই অসমৰ গাঁওসমূহকো সকলো প্ৰকাৰে সজাই-পৰাই তুলি ধৰিব পাৰিলেহে অসমৰ গাঁৱলৈ এদিন বিদেশী পৰ্যটকৰ সোঁত বব । মুখ্য মন্ত্ৰীগৰাকীয়ে অসমৰ বিভিন্ন অঞ্চলত বসবাস কৰা জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ যোগেদি এখন শক্তিশালী অসম গঢ়াত ব্ৰতী হ'ব বুলি মন্তব্য কৰে ।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছলমান খানতকৈও ধুনীয়া : আৰ পি শৰ্মা

ভোটাৰক আহ্বান জনাই তেওঁ কয় যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক শাসনলৈ আনি দুৰ্নীতিক প্ৰশ্ৰয় নিদিব । দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰা বিজেপিয়ে কোনো দুৰ্নীতিগ্ৰস্তক প্ৰশ্ৰয় নিদিয়ে ।

দুৰ্নীতিগ্ৰস্তসকল যি দলৰেই নহওক, ৰঙাঘৰৰ ভাত খাবই লাগিব । সভাত ভাষণ দি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰামপ্ৰসাদ শৰ্মাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিকা ভাবমূৰ্তিৰ মুখ্য মন্ত্ৰী বুলি মন্তব্য কৰে ।

আনহাতে, নিজৰ কথাৰে বিতৰ্ক সৃষ্টি কৰা সাংসদগৰাকীয়ে এখোপ আগবাঢ়ি গৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বলীউডৰ অভিনেতা ছলমান খানতকৈয়ো ধুনীয়া ব্যক্তি বুলি মন্তব্য কৰি ৰাইজৰ মাজত হাঁহিৰ খোৰাক যোগায় ।

এনে এগৰাকী মুখ্য মন্ত্ৰীৰ কাৰ্যকালত অসমত সামগ্ৰিক উন্নয়ন হোৱা বুলি তেওঁ মন্তব্য কৰে । ইফালে কংগ্ৰেছক কটাক্ষ কৰি সাংসদগৰাকীয়ে কয় যে কংগ্ৰেছৰ দিনত পঞ্চায়তত ৰাস্তাৰ নামত অহা আলকতৰা খায়, শিলগুটি খায় ৷

কিন্তু বিজেপিয়ে এইবাৰ কংগ্ৰেছক এইবোৰ খাবলৈ নিদিয়ে, বিজেপিক ভোট দিলে ৰাইজে এইবাৰ ভাল ফল খাবলৈ পাব । নিৰ্বাচনী সভাখনত কেবিনেট মন্ত্ৰী চুম ৰংহাং, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, সাংসদ ৰাম প্ৰসাদ শৰ্মা, এমট্ৰনৰ অধ্যক্ষ ঋতুবৰণ শৰ্মা, বিজেপি নেতা অমৰজ্যোতি বৰঠাকুৰ, মোহন মহন্ত, পংকজ বৰা, দিগন্ত ঘাটোৱাৰ, সতেন্দ্ৰ হাজৰিকা, ধনদা গগৈ, ভবেন গোস্বামী, পৰেশ বৰকাকটি, ৰুলি শৰ্মা, তুলসী শৰ্মাকে আদি কৰি লোকসকল উপস্থিত থাকে ।

Your Comments