বঙাইগাঁও বিধানসভা সমষ্টিত জিলা বিজেপিৰ একাংশ নেতৃত্বৰ ভূমিকাত হতাশ হৈছে বিভিন্ন পঞ্চায়তৰ অন্তৰ্গত তৃণমূল পৰ্যায়ৰ বিজেপি কৰ্মীসকল । অভিযোগ অনুসৰি, সমষ্টিটোৰ কেইখনমান পঞ্চায়তত বিজেপিয়ে প্ৰাৰ্থী থিয় কৰাইছে যদিও প্ৰাৰ্থীসকলে জিলা নেতৃত্বৰ পৰা সহায়-সহযোগ লাভ কৰা নাই ।
দুখনমান পঞ্চায়তত দলীয় প্ৰাৰ্থীসকলৰ হৈ কোনো ধৰণৰ প্ৰচাৰতো জিলা নেতৃত্বই অংশগ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰকাশ্যভাৱে মুখ নুখুলিলেও দলীয় নেতৃত্বৰ এনে ভূমিকাত একাংশ প্ৰাৰ্থী তথা কৰ্মী ভীষণ অসন্তুষ্ট । ধনৰ অভাৱতো পৰিছে প্ৰাৰ্থীসকল । সেই ক্ষেত্ৰতো সহযোগ কৰা নাই জিলা নেতৃত্বই ।
ফলত ব্যাপক সমস্যাৰ সম্মুখীন হৈছে একাংশ প্ৰাৰ্থী । এনে পৰিস্থিতিত স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে যে বঙাইগাঁও বিধানসভা সমষ্টিত কেইখনমান পঞ্চায়তত অগপক বাট এৰি দিয়াৰ বাবে এনে পন্থা লৈছে নেকি বিজেপিৰ জিলা নেতৃত্বই ? দুখনমান পঞ্চায়তত জয়ৰ সম্ভাৱনা নথকা প্ৰাৰ্থীক টিকট দিছে বিজেপিয়ে ।
অগপৰ লগত বিজেপিৰ বঙাইগাঁও বিধানসভা সমষ্টিত গোপন বুজাবুজি হোৱা বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে মত প্ৰকাশ কৰিছে । নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন, এনে অৱস্থাত বিজেপিৰ এনে নৰম ভূমিকাই আনন্দিত কৰিছে অগপ কৰ্মীসকলক ।
আনহাতে, বঙাইগাঁও জিলা বিজেপিৰ এনে স্থিতিৰ বাবে তৃণমূল পৰ্যায়ত বিজেপি কৰ্মী তথা ৰাইজৰ বিজেপিৰ প্ৰতি মোহ ভংগ হ'বলৈ ধৰিছে ।
- Log in to post comments
- 52 views