নগাঁৱৰ পৰা ৱাহিদুদ জামান
সমগ্ৰ ৰাজ্যত এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ সময়তে নগাঁও জিলাতো এইডছ আক্ৰান্তৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে । জিলাখনত প্ৰতি বছৰে এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ অহা ঘটনাই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে ।
স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱা মতে, নগাঁও জিলাত এইচ আই ভি আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় ৬ শতাধিক । এনে ৰোগীৰ ভিতৰত মহিলা আৰু শিশুও আছে । সূত্ৰটোৱে জনোৱা মতে, জিলাখনত এইচ আই ভি পজিটিভ মহিলাৰ সংখ্যা প্ৰায় ৪০গৰাকী । আনহাতে, এই ৰোগত আক্ৰান্ত শিশুৰ সংখ্যা ১০টোৰো অধিক ।
চৰকাৰে প্ৰতি বছৰে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে বুজন পৰিমাণৰ ধন ব্যয় কৰি আহিছে যদিও ৰাজ্যখনৰ লগতে নগাঁও জিলাতো এই ৰোগ নিয়ন্ত্ৰণত সফল হ'ব পৰা নাই । স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱা মতে, অসুৰক্ষিত যৌন সম্পৰ্ককে ধৰি কেইবাটাও কাৰণত এই ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ।
বহিঃৰাজ্যৰ ট্ৰাক চালকসকলৰ জৰিয়তে ৰাজ্যখনৰ আন ঠাইৰ লগতে নগাঁও জিলাতো এই ৰোগৰ সংক্ৰমণ হোৱাৰ তথ্য পোহৰলৈ আহিছে । জিলাখনৰ বিভিন্ন প্ৰান্তত থকা লাইন হোটেল, ধাবা আদিত অসুৰক্ষিত যৌন সম্পৰ্কৰ ঘটনা সংঘটিত হোৱাৰ ফলত এইডছ আক্ৰান্তৰ পৰিমাণ বাঢ়িছে ।
এনেবোৰ লাইন হোটেল, ধাবাৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । ইপিনে, এই ৰোগ নিয়ন্ত্ৰণৰ বাবে নগাঁও জিলাত "আকিঞ্চন" আৰু "ঘৰুৱা" নামৰ স্বেচ্ছাসেৱী অনুষ্ঠান দুটাই সজাগতাৰ সৃষ্টি কৰি আহিছে যদিও অনুষ্ঠান দুটাই সজাগতাৰ নামত দুই-এখন সভা-সমিতি পাতিয়েই নিজৰ দায়িত্ব সামৰাৰ অভিযোগ উঠিছে ।
তদুপৰি, মাজে মাজে এইডছ সজাগতাৰ নামত দুই-এটা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । এইডছ সজাগতাৰ নামত অনুষ্ঠান দুটাই চৰকাৰৰ পৰা প্ৰতি বছৰে বুজন পৰিমাণৰ ধন লাভ কৰি অহাৰ পিছতো নগাঁও জিলাত এইডছ নিয়ন্ত্ৰণত চৰকাৰ কিয় সফল হ'ব পৰা নাই সেয়া এক অবুজ সাঁথৰ । আনহাতে, 'পিৰামল স্বাস্থ্য প্ৰকল্প আহানা-২-এ ' ( পি পি টি চি টি) আঁচনিৰ অধীনত জিলাখনত গৰ্ভৱতী মহিলাৰ এইচ আই ভি সন্দৰ্ভত কাম কৰি আহিছে বুলি জানিব পৰা হৈছে ।
আনহাতে, স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে, নগাঁও, মৰিগাঁও, হোজাই জিলাৰ প্ৰায় ৭৩০গৰাকী এইচ আই ভি আক্ৰান্ত ৰোগীয়ে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ এ আৰ টি কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰি আছে ।
আজি বিশ্ব এইডছ দিৱসৰ আগদিনা প্ৰকাশ পোৱা নগাঁও জিলাৰ এই ভয়াৱহ তথ্যই সচেতন ৰাইজক উদ্বিগ্ন কৰি তুলিছে ।
- Log in to post comments
- 11 views