গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীৰে গোলাঘাটত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰি অহাৰ সময়তে আজি নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন চমুকৈ এ আই এছ এফৰ গোলাঘাট জিলা পৰিষদে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীৰে নিজৰ স্পষ্ট মত প্ৰকাশ কৰে ।
কোনো কাৰণতে উক্ত বিধেয়ক মানি নোলোৱাৰ হুংকাৰ দিয়া সংগঠনটিয়ে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক প্ৰতিবাদথলীৰ পৰাই সকীয়াই দিয়ে ।
- Log in to post comments
- 7 views