বঙাইগাঁৱত চলন্ত টেম্পোত মহিলাক যৌন নিৰ্যাতন

ে

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত মূলাগাঁৱত চলন্ত টেম্পো এখনত চালকে মহিলা যাত্ৰী এগৰাকীক যৌন নিৰ্যাতন চলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে মহিলাগৰাকীৰ কোলাত এটি কণমানি কেঁচুৱাও আছিল ৷ পিচত মহিলাগৰাকীয়ে কোলাত থকা কেঁচুৱাসহ টেম্পোৰ পৰা জপিয়াই আত্মৰক্ষা কৰে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে কালি বিয়লি মহিলাগৰাকীয়ে বঙাইগাঁও চহৰৰ পৰা সন্তানসহ টেম্পো এখনত উঠি গৈ মূলাগাঁও তিনি আলি চ'কত নামে ৷

পিচত তাৰ পৰা নিজ ঘৰলৈ যাবলৈ ৰৈ থকাৰ সময়তে সন্ধিয়া মূলাগাঁও চ’কত কোলাত কেঁচুৱা লৈ অকলশৰীয়া অৱস্থাত থকা মহিলাগৰাকীক প্ৰত্যক্ষ কৰি আটুগাঁৱৰ নিৰ্মল বৰ্মন নামৰ চালকজনে ফুচুলাই টেম্পোত উঠাই লয় ৷ কাষৰ গাঁৱৰ চালকজনৰ কথা মতে টেম্পোত উঠাৰ পিছতে লম্পট চালকজনে মহিলাগৰাকীক চলন্ত বাহনখনৰ ভিতৰতে যৌন নিৰ্যাতন চলাবলৈ ধৰে ৷

চালকজনৰ এনে কাৰ্যৰ প্ৰতিবাদ জনাই মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰি টেম্পো ৰখাবলৈ কয় যদিও দ্ৰুত গতিৰে আগবাঢ়ি গৈ থাকে ৷ অৱশেষত উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে কোলাত থকা কেঁচুৱাসহ টেম্পোৰ পৰা জপিয়াই নিজকে আত্মৰক্ষা কৰে ৷ চলন্ত টেম্পোৰ পৰা জপিওৱাৰ ফলত মাতৃ আৰু কেঁচুৱা সন্তানটিৰ আঘাতপ্ৰাপ্ত হয় ৷

ইপিনে ঘটনা সংঘটিত কৰি লম্পট চালকজন পলায়ন কৰে যদিও স্থানীয় একাংশ লোকে চালকজনক কৰায়ত্ত কৰি উত্তম মধ্যম দি আৰক্ষীক চমজাই দিয়ে ৷ পিচত ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ /৩৫৪ (বি) ধাৰাৰ অধীনত বঙাইগাঁও থানাত ৯৪২/১৮ নং গোচৰ পঞ্জীয়ন কৰি চালকজনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে ৷ আৰক্ষীয়ে অভিযুক্ত টেম্পো চালক নিৰ্মল বৰ্মনক আদালতত হাজিৰ কৰোৱাত আদালতে জেল হাজতলৈ প্ৰেৰণ কৰে ৷
 

Your Comments