সমস্যাৰে জৰ্জৰিত বিশ্বনাথৰ শামুক জুলিত এদিনীয়া স্বাস্থ্য শিবিৰ

s

বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস
বিশ্বনাথৰ এখন গাওঁ য'ত স্বাস্থ্য কেন্দ্ৰ এটা নাই ফলত অঞ্চলটোৰ পৰা প্ৰায় ২৫ কিল'মিটাৰ নিলগত বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত যাব লগা হয় |

ফলত দীৰ্ঘ দিনৰ পৰা মৰণ ফান্দৰ পৰিণত হয় ৰোগীক নিয়াৰ বাবে | তেনে স্থলত আজি বিশ্বনাথৰ শামুক জুলি অঞ্চলটোত ৩০ বিএন চি আৰ পি এফৰ কমাণ্ডেণ্ট দিনেশ সিং ছন্দেল উদঘাটন কৰে এদিনীয়া স্বাস্থ্য শিবিৰ | বিভিন্ন সময়ত চিভিল একছন প্ৰোগ্ৰেমৰ জৰিয়তে জনসাধাৰণৰ মাজত সু-সম্পৰ্ক গঢ়ি তোলাৰ বাবে অনুষ্ঠিত কৰি আহিছে বিভিন্ন সামাজিক অনুষ্ঠান আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অঞ্চলটোত আজি অনুষ্ঠিত হয় এদিনীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠান |

ফলত অঞ্চলটোৰ সকলো লোক ওলাই আহে স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে | পুৱা ১০ বজাৰ অনুষ্ঠিত হোৱা এই স্বাস্থ্য শিবিৰত উপস্থিত হয় কন কন শিশুৰ পৰা বৃদ্ধলৈকে | এনে এক সমস্যাৰে জৰ্জৰিত অঞ্চলত কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচৰ অনুষ্ঠানটিক ধন্যবাদ জনাইছে স্থানীয় ৰাইজে | 

প্ৰশ্ন হয় যে পাভৈ পঞ্চায়ত অন্তৰ্গত এনে এখন সীমান্তবৰ্তী এলেকাত বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক সমস্যা সন্দৰ্ভত বহুবাৰ ৰাজহুৱা আবেদন নিবেদন কৰাৰ পাছতো আজি পৰ্য্যন্ত ৰাজ্য চৰকাৰৰ চকু নপৰিল এখন স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰাৰ বাবে | "কেতিয়া সাৰ পাব ৰাজ্য চৰকাৰ নে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ থাকিব অঞ্চলবাসী ?" এই প্ৰশ্ন এতিয়া শামুকজুলি বাসীৰ ।

Your Comments