
ডিব্ৰুগড় আৰক্ষীয়ে এইবাৰ আটক কৰিছে এ পি এছ চি কেলেংকাৰীৰ লগত জড়িত দুজন দালালক । গ্ৰেপ্তাৰ হোৱা দালাল দুজন হৈছে সুৰজিত চৌধুৰী আৰু শৈলেন শৰ্মা বৰুৱা। ইয়াৰে সুৰজিত চৌধুৰী নামৰ এই ব্যক্তিজন এ পি এছ চি কাণ্ডৰ মূল নায়ক ৰাকেশ পালৰ অতি ঘনিষ্ঠ আৰু কেংলকাৰীত অভিযুক্ত হৈ জে'লৰ ভাত খোৱা মঙলদৈৰ ৰাজহ চক্ৰ বিষয়া পল্লৱী শৰ্মা চৌধুৰীৰ স্বামী। আনহাতে, ৰাকেশ পালৰ আন এজন দালালক আৰক্ষীয়ে দৰঙৰ পৰা আটক কৰে। মঙলদৈ ৰাজাপামৰ নিজ গৃহৰ পৰা আটক কৰা লোকজন হৈছে শৈলেন শৰ্মা বৰুৱা। শৰ্মা বৰুৱা হৈছে জ্যেষ্ঠ বিজেপি নেতা তথা দৰং বিজেপিৰ উপ-সভাপতি হোৱাৰ লগতে দৰং বাৰ এছ'চিয়েচনৰ সম্পাদক। শৈলেন শৰ্মা বৰুৱাই প্ৰাক্তন এ চি এছ বিষয়া পল্লবী শৰ্মা চৌধুৰীৰ অধিবক্তা হিচাপে কৰ্যনিবাহ কৰি আছিল।
- Log in to post comments
- 37 views