কৃষকসকলৰ সমস্যা সমাধানৰ বাবে অখিল ভাৰতীয় কিষাণ সংঘৰ্ষ সমন্বয় সমিতিৰ উদ্যোগত "দিল্লী চলো" আন্দোলনৰ কাৰ্যসূচীৰ অংশ হিচাপে দিল্লীত সমবেত হৈছে দেশৰ বিভিন্ন ৰাজ্যৰ লক্ষাধিক কৃষক ৷
বৃহস্পতিবাৰেই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাওনা হোৱা কৃষকসকলে দিল্লীৰ ৰামলীলা ময়দানত এক সমাবেশত সমবেত হয় ৷ আজি ৰামলীলা ময়দানৰ পৰা প্ৰতিবাদকাৰীসকলে সংসদ ভৱন অভিমুখে পদযাত্ৰা কাৰ্যসূচীত অংশ লৈছে ৷
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ সমস্যা সমাধানত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্ত বহুসংখ্যক কৃষকে আত্মহত্যাৰ পথ বাছি ল'বলগা হৈছে ৷
সেয়েহে কৃষকসকলৰ সমস্যাসমূহক কেন্দ্ৰ কৰিয়ে দেশৰ কৃষিৰ লগত জড়িত বহুকেইটা সংগঠন একত্ৰিত হৈ এই সমূহীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷
অখিল ভাৰতীয় কিষাণ সংঘৰ্ষ সমন্বয় সমিতিৰ দাবী- কৃষকসকলৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহৰ ওপৰত আগন্তুক সংসদৰ শীতকালীন অধিবেশনত কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰক ৷
উল্লেখ্য যে কৃষকসকলৰ এই আন্দোলনত চৰকাৰবিৰোধী বহুতো নেতায়ো অংশগ্ৰহণ কৰিছে ৷
- Log in to post comments
- 11 views