কামপুৰৰ তেতেলি সৰা পঞ্চায়তত অগপ কৰ্মীক পহুখেদা

s

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা
বৃহস্পতি বাৰৰ নিশা কামপুৰৰ তেতেলিসৰাৰ নতুন মাজৰ আটিত নিৰ্বাচনী প্ৰচাৰ চলাব যোৱা অগপ কৰ্মীক পহুখেদা দিয়ে স্থানীয় গাঁওবাসীয়ে । উল্লেখ্য যে বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তহৰ ভোট বেংক স্বৰূপ তেতেলি সৰাৰ নতুন মাজৰ আটি গাঁৱৰ ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্তৰে বিগত ১০ দিন ধৰি প্ৰতিবাদ কৰি আহিছিল ।

উল্লেখ্য অতিকে শোচনীয় গাঁৱৰ এটা পথ মেৰামতিৰ বাবে বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত আৰু স্থানীয় অসম গণ পৰিষদ নেতৃত্বাধীন পঞ্চায়তখনক দাবী জনাই অহাৰ পিছতো কোনো সুফল নোপোৱাত ভোট বৰ্জনৰ দতে চৰম সিদ্ধান্ত লয় ৰাইজে ।

s

বৃহস্পতিবাৰে নিশা এটা বিদ্যুতিক চেনেলৰ এটা বিশেষ অনুষ্ঠানত যোগ দিবলৈ প্ৰতিবাদীসকলে যোৱাৰ সুবিধা লৈ গাঁওখনত গোপনে প্ৰচাৰ চলাই অগপ কৰ্মীসকলে ।

পিছত প্ৰতিবাদীসকলে গাঁওখনত প্ৰচাৰ চলাই থকাৰ অৱস্থাত অগপ কৰ্মীসকলক দেখা পোৱাত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় । সেইখিনি সময়ত গাঁওখনত এক উত্তজনাময় পৰিৱেশে বিৰাজ কৰে আৰু অগপ কৰ্মীসকল পলায়ন কৰে । পিছত ঘটণাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতো নিয়ন্ত্ৰণ   কৰে ।
 

Your Comments