নগাঁৱৰ চিত্ৰশিল্পী ৰাজীৱ দাসলৈ আন্ত:ৰাষ্ট্ৰীয় সন্মান

নগাঁৱৰ চিত্ৰশিল্পী ৰাজীৱ দাসলৈ আন্ত:ৰাষ্ট্ৰীয় সন্মান

নগাঁৱৰ পৰা ৱাহিদুদ জামান

নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান আনুপূৰ্ব্বিক চিত্ৰ-ভাস্কৰ্য বিদ্যালয়ৰ অধ্যক্ষ তথা যুৱ চিত্ৰশিল্পী ৰাজীৱ দাসলৈ ইণ্টাৰনেচনেল অ'নাৰ এৱাৰ্ড- ২০১৮ আগবঢ়োৱা হৈছে । পশ্চিমবংগৰ ব্যাঙ্কোয়েট প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজীৱ দাসক এই সন্মান প্ৰদান কৰা হয় ।

এই সন্মানত আছে এখন মানপত্ৰ, ট্ৰফীৰ লগতে বিভিন্ন উপহাৰ । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষা, সাংস্কৃতিক আদি দিশত পাৰদৰ্শিতা দেখুওৱা ৰাজীৱ দাসৰ এই কৃতিত্বই অসমৰ লগতে নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ।

দীৰ্ঘদিনৰ ধৰি চিত্ৰশিল্পৰ লগত জড়িত হৈ থকা ৰাজীৱ দাসে ইতিপূৰ্বেও অসমৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা ড: অম্বেদকাৰ বঁটা, নন্দশ্ৰী বঁটা, যুৱ বঁটা, ৰাষ্টীয় শিখৰ সন্মান-২০১৭, চিত্ৰকৃৎ বঁটা, জাতীয় ফটোগ্ৰাফী বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰি নগাঁৱৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
 

Your Comments