আসন্ন পঞ্চায়ত নিৰ্বাচনত মাজুলীৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ আহ্বান পৰ্যবেক্ষক পানেচৰৰ

আসন্ন পঞ্চায়ত নিৰ্বাচনত মাজুলীৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ আহ্বান পৰ্যবেক্ষক পানেচৰৰ

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

মাজুলীৰ সুনামত অলপো আঁচোৰ নপৰাকৈ এইবাৰৰ পঞ্চায়ত নিৰ্বাচন সুকলমে সম্পন্ন কৰাত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ জিলাখনৰ সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীক আহ্বান জনাইছে নিৰ্বাচনী পৰ্যবেক্ষক গুৰমিত সিং পানেচৰে । গড়মূৰৰ আৱৰ্ত ভৱনত আজি বিয়লি জিলাখনৰ ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি আৰু প্ৰাৰ্থীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ তেওঁ এই আহ্বান জনায় ।

আসন্ন পঞ্চায়ত নিৰ্বাচনত মাজুলীৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ আহ্বান পৰ্যবেক্ষক পানেচৰৰ

মাজুলীৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া দেৱপ্ৰসাদ মিশ্ৰ, আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত উপায়ুক্ত (পঞ্চায়ত নিৰ্বাচন) চিন্ময় নাথ, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, নিৰ্বাচনী বিষয়া মগেন নৰহ আৰু সহকাৰী আয়ুক্ত অচ্যুৎ বৰুৱাৰ লগতে নিৰ্বাচনী কোষসমূহৰ তত্ত্বাৱধায়কসকলো উপস্থিত থকা এই বৈঠকত নিৰ্বাচনী পৰ্যবেক্ষকগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ আদৰ্শ আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ দল-প্ৰাৰ্থীসকলক দিহা দিয়ে ।

চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বৈদ্যুতিক খুঁটা আদিত পোষ্টাৰ-বেনাৰ লগোৱা, শ্লোগান আদি লিখাটো সম্পূৰ্ণ নিষিদ্ধ বুলি উল্লেখ কৰি পৰ্যবেক্ষকগৰাকীয়ে ৰাজহুৱা সম্পত্তিৰ অলপো ক্ষতি আৰু সৌন্দৰ্য হানি নোহোৱাকৈ সুৰক্ষিত ৰাখিবলৈ সকলোকে সোঁৱৰাই দিয়ে । তদুপৰি, প্ৰশাসনৰ অনুমতি-পত্ৰ আঁৰি নোলোৱাকৈ দল-প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰা গাড়ী জব্দ কৰা হ'ব বুলি পৰ্যবেক্ষক পানেচৰে প্ৰকাশ কৰে ।

আসন্ন পঞ্চায়ত নিৰ্বাচনত মাজুলীৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ আহ্বান পৰ্যবেক্ষক পানেচৰৰ

আনহাতে, নিৰ্বাচনী সভা-সমাবেশলৈ মহিলা সমৰ্থকসকলক গাড়ীৰে আনোতে তেওঁলোকৰ মৰ্যাদা সম্পূৰ্ণ সুৰক্ষিত হোৱাটো দল-প্ৰাৰ্থীয়ে নিশ্চিত কৰিব লাগিব বুলিও উল্লেখ কৰে । তদুপৰি, এনে সভা-সমাবেশলৈ সমৰ্থকক আনিবলৈ কোনো ট্ৰেক্টৰ, মিনি ট্ৰাক আদি সামগ্ৰী পৰিবাহী বাহন ব্যৱহাৰ কৰাটো আদৰ্শ আচৰণ বিধিৰ পৰিপন্থী হ'ব বুলি সকীয়াই দি এনে কাৰ্যত ব্যৱহৃত বাহন জব্দ কৰিবলৈ আদৰ্শ আচৰণবিধি কোষক তেওঁ নিৰ্দেশ দিয়ে ।

দল-প্ৰাৰ্থীসকলক উদ্দেশ্যি পৰ্যবেক্ষকগৰাকীয়ে কয়, "আপোনালোক সকলোৱেই একে গাঁও, একে ঠাইৰে বাসিন্দা । গতিকে মাজুলীৰ সুনাম, গৰিমা সম্পূৰ্ণ অক্ষত ৰাখি এই নিৰ্বাচন পাৰ কৰিব বুলি আমি আশাবাদী ।" বৈঠকত উপায়ুক্ত মিশ্ৰই মাজুলীত সম্পূৰ্ণ মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন সমাপন কৰাত সকলো দল-প্ৰাৰ্থীৰ পৰা সহযোগিতা বিচাৰে ।

Your Comments