অসমত এতিয়া আঞ্চলিকতাবাদৰ বিকল্প নাই : প্ৰফুল্ল মহন্ত

অসমত এতিয়া আঞ্চলিকতাবাদৰ বিকল্প নাই : প্ৰফুল্ল মহন্ত

নগাঁৱৰ পৰা ৱাহিদুদ জামান

নগাঁও জিলাৰ পঞ্চায়তৰ নিৰ্বাচনী যুঁজখন ক্ৰমশঃ আকৰ্ষণীয় হৈ পৰিছে । বিভিন্ন ৰাজনৈতিক দলে ধাৰাবাহিকভাৱে নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱাত নিৰ্বাচনী যুঁজখনৰ এইদৰে আকৰ্ষণ বৃদ্ধি পাইছে । আজিও বিজেপি, কংগ্ৰেছ, অগপ দলৰ ৰথী-মহাৰথীসকলে জিলাখনত নিৰ্বাচনী অভিযান চলাই নিজ নিজ দলৰ প্ৰাৰ্থীসকলক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় ।

প্ৰাক্তন মুখ্য মন্ত্ৰী তথা অগপৰ শীৰ্ষ নেতা প্ৰফুল্ল কুমাৰ মহন্তই প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাক লগত লৈ জিলাখনৰ বঢ়মপুৰ, নগাঁও সদৰ, ৰূপহীহাট বিধানসভা সমষ্টিৰ কেইবাখনো সভাত অংশগ্ৰহণ কৰি অগপৰ নিৰ্বাচনী অভিযান তীব্ৰতৰ কৰি তোলে । সভাসমূহত দিয়া ভাষণত মহন্তই কংগ্ৰেছ, বিজেপি উভয় দলকে কঠোৰ সমালোচনা কৰি ৰাইজক অগপ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ।

অসমত এতিয়া আঞ্চলিকতাবাদৰ বিকল্প নাই : প্ৰফুল্ল মহন্ত

লগতে মহন্তই কয় কংগ্ৰেছৰ আমোলত উন্নয়নৰ নামত কেৱল লুন্ঠনৰাজহে চলিছিল । কংগ্ৰেছেৰ নেতাসকলে ৰাইজৰ স্বাৰ্থৰ বিপৰীতে নিজৰ স্বাৰ্থ পূৰণত ব্যস্ত আছিল । যাৰবাবে অসমৰ উন্নয়ন একেবাৰে স্থবিৰ হৈ পৰিছিল ।

বিজেপি দলকো আক্ৰমণৰ লক্ষ্য হিচাপে লৈ মহন্তই কয়- ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে অসমৰ উন্নয়নৰ বাবে যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেইবোৰ পূৰণত বিজেপি নেতৃত্বাধীন চৰকাৰ ব্যৰ্থ হৈছে । অসমৰ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত অসমত আঞ্চলিকতাবাদক শক্তিশালী কৰি তুলিব লাগে বুলি মন্তব্য কৰি মহন্তই কয়- অসমত এতিয়া আঞ্চলিকতাবাদৰ বিকল্প নাই ।

নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বৰভেটি, ডাকৰঘাট, বেলতলি, হেৰাপাতি আদি অঞ্চলত মহন্তৰ লগত নিৰ্বাচনী অভিযান চলাই প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱাই কয়- অগপ দল শক্তিশালী হ'লেহে অসমৰ স্বাৰ্থ সুৰক্ষিত হ'ব । সৰ্বভাৰতীয় দলে অসমৰ সমস্যা সমাধান কৰিব নোৱাৰে বুলি মন্তব্য কৰি বৰুৱাই ৰাইজক অগপ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ।

আনহাতে, আজি নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত কাছমাৰী জিলা পৰিষদ এলেকাৰ কেইবাখনো সভাত অংশগ্ৰহণ কৰি বিজেপি বিধায়ক ৰূপক শৰ্মাই কয় স্বচ্ছ আৰু দুৰ্নীতিমুক্ত প্ৰশাসন গঢ়ি তুলি ৰাইজৰ সামগ্ৰিক বিকাশৰ বাবে কাম কৰিব । সভাত অংশগ্ৰহণ কৰি বিজেপি নেত্ৰী কুইন ওজাই অগপ দলক কঠোৰ সমালোচনা কৰি কয় অগপ দল এতিয়া অতীত ।

একাংশ বয়স্ক লোকেই দলটোক চলাই আছে । কংগ্ৰেছক কঠোৰ সমালোচনা কৰি কুইন ওজাই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলক এশ শতাংশই উৎখাত কৰিবলৈ আহ্বান জনায় । আনহাতে, নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ডাকৰঘাট অঞ্চলত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই কংগ্ৰেছ নেতা ডা: দুৰ্লভ চমুৱাই বিজেপি আৰু অগপ দলক কঠোৰ সমালোচনা কৰি কয়- এই দুয়োটা দল বিশ্বাসঘাতক ।

অসম আৰু অসমীয়াৰ স্বাৰ্থত কংগ্ৰেছ দলক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় । সভাত পাখিমৰীয়া জিলা পৰিষদৰ প্ৰাৰ্থী দিপীকা শইকীয়াই ভাষণ প্ৰদান কৰে । এনেদৰেই জিলাখনত এতিয়া আটাইকেইটা দলৰ জেষ্ঠ নেতাসকলে নিৰ্বাচনী অভিযান তীব্ৰতৰ কৰি তুলিছে ।

Your Comments