কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ : সংসদৰ আগন্তুক শীতকালীন অধিৱেশনতে নিশ্চিত কৰাৰ দাবী সংগ্ৰাম সমিতিৰ 

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ : সংসদৰ আগন্তুক শীতকালীন অধিৱেশনতে নিশ্চিত কৰাৰ দাবী সংগ্ৰাম সমিতিৰ 

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো সংসদৰ আগন্তুক শীতকালীন অধিৱেশনৰ সময়তে নিশ্চিত কৰাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে দাবী জনাইছে ৷

এক প্ৰেছ বিবৃতিত সংগঠনটোৰ সভাপতি অতুল ৰায় আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দীপক সিংহই কয় যে বাৰম্বাৰ প্ৰতাৰণা আৰু বৈষম্যৰে ইতিমধ্যে কংগ্ৰেছ দলে কোচ ৰাজবংশী জনগণক প্ৰতাৰণা কৰাৰ দৰে এতিয়া বিজেপি দলেও জনগোষ্ঠীটোক চূড়ান্তভাৱে প্ৰতাৰণা কৰিলে ৷

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ : সংসদৰ আগন্তুক শীতকালীন অধিৱেশনতে নিশ্চিত কৰাৰ দাবী সংগ্ৰাম সমিতিৰ 

শাসনত আহিলে ছমাহৰ ভিতৰত জনজাতিকৰণৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ ম্যাদ উকলিবৰ হ'ল যদিও এতিয়া সময়ত লুটি বাগৰ মাৰি বিষয়টোকে মষিমুৰ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিও অভিযোগ কৰে ৷

উল্লেখ্য যে সংগঠনটোৱে ইতিমধ্য কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি জনজাতিকৰণৰ সমস্যাটো সমাধানৰ বাবে সংসদৰ আগন্তুক শীতকালীন অধিৱেশনৰ সময়ত দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

লগতে উক্ত সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰীক বিষয়টো সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰি দীৰ্ঘদিনীয়া সমস্যাটোৰ বাস্তৱ সমাধানৰ বাবে দাবী জনাব ৷ ইপিনে আগন্তুক ৫০৯ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস সংগঠনটোৰ প্ৰতিখন জিলা সমিতিয়ে উদযাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷

বিবৃতিটোত কোচ ৰাজবংশীকে ধৰি অন্যান্য খিলঞ্জীয়া জাতি-জনগোষ্ঠীক সম্পূৰ্ণ অন্ধকাৰত ৰাখি বিটিএডিক ইউটিচিলৈ উন্নীত কৰাৰ বিষয়টো চৰকাৰে কি পৰ্যায়ত ৰাখিছে সেয়া স্পষ্ট কৰিবলৈ সংগ্ৰাম সমিতিৰ নেতৃত্বই চৰকাৰক দাবী জনায় ৷

লগতে কোচ ৰাজবংশীসকলোৰ অধিকাৰ আৰু নিৰাপত্তা বিঘ্নিত কৰিব পৰা যি কোনো সিদ্ধান্ত নলবলৈকো চৰকাৰক সংগঠনটোৱে আহ্বান    জনাইছে ৷

Your Comments