নগাঁৱৰ দুই স্থানত এন আৰ চিৰ দাবী, আপত্তি সম্পৰ্কত জন সচেতনতা সভা

নগাঁৱৰ দুই স্থানত এন আৰ চিৰ দাবী, আপত্তি সম্পৰ্কত জন সচেতনতা সভা

নগাঁৱৰ পৰা ৱাহিদুদ জামান

এন আৰ চিৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা সন্দৰ্ভত ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে নগাঁও জিলা প্ৰশাসনৰ সহযোগত অসম বঙালী উন্নয়ন সমিতিৰ উদ্যোগত আজি নগাঁও ব্যৱসায় সমিতিৰ কালিবাৰী মন্দিৰ প্ৰাঙ্গণত এক জন সচেতনতা সভা অনুষ্ঠিত হয় ।

নগাঁও সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পঞ্চমী চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি নগাঁও পৌৰসভাৰ পৌৰপতি দিগন্ত দাস, উপ-সভাপতি মৃণালিনী ৰায়, উন্নয়ন সমিতিৰ নগাঁও জিলা সমিতিৰ সভাপতি ভাস্কৰ দাসৰ লগতে বিশিষ্ট নাগৰিক সঞ্জয় কুমাৰ ৰায়, দ্বীপাঙ্কৰ পাল, প্ৰদীপ লোদ আদিয়ে এন আৰ চিত নাম অন্তৰ্ভুক্তৰ সন্দৰ্ভত দাবী-আপত্তি দাখিল কৰিবলৈ আহ্বান জনায় ।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিজেপিৰ নগাঁও সংমণ্ডলৰ সভাপতি সুভাষ দত্তই । সভাপতিৰ আসনৰ পৰা চক্ৰ বিষয়া চৌধুৰীয়ে ওজৰ, আপত্তি আদি কেনেকৈ দাখিল কৰিব লাগিব সেই বিষয়ে ব্যাখ্যা দাঙি ধৰে । কোনোবাই যদি ওজৰ-আপত্তি লোৱাৰ ক্ষেত্ৰত বিধিপথালিৰ সৃষ্টি কৰে, তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ মন্তব্য কৰে ।

নগাঁৱৰ দুই স্থানত এন আৰ চিৰ দাবী, আপত্তি সম্পৰ্কত জন সচেতনতা সভা

আনহাতে, নগাঁও চহৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ লগত থকা এন এছ কেৰ একাংশ কৰ্মচাৰীৰ নামভৰ্তিৰ বাবে ওজৰ-আপত্তি দিব বিচৰা আৰু নাম শুধৰণিৰ বাবে অহা লোকক অযথা হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে । ইয়াৰ বাবেই বহু লোক সমস্যাৰ সন্মুখীন হৈছে । এই সেৱা কেন্দ্ৰটেৰ কৰ্মচাৰীসকলে গ্ৰহণ কৰা স্থিতিৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ এন আৰ চিৰ কৰ্তৃপক্ষক আহ্বান জনায় ।

ইপিনে, নগাঁও জিলা জমিয়তৰ মদনী হলত এন আৰ চিৰ দাবী, আপত্তি সন্দৰ্ভত আন এক সজাগতা সভা অনুষ্ঠিত হয় । এছ'চিয়েছন ফৰ চিটিজেন ৰাইটছ (এ চি আৰ)ৰ উদ্যোগত তথা জিলা জমিয়তৰ সহযোগত অনুষ্ঠিত সজাগতা সভাত মানৱ অধিকাৰ কৰ্মী তথা এ চি আৰৰ সাধাৰণ সম্পাদক মতিউৰ ৰহমানে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি কয়- বৰ্তমানৰ এন আৰ চিৰ দাবী, আপত্তি পৰ্যায়ত বিভাগীয় কৰ্তৃপক্ষই ৰাইজৰ মাজত পৰ্যাপ্ত সজাগতা সৃষ্টি কৰিব নোৱাৰাৰ বাবে আজি পৰ্যন্ত আশানুৰূপ আবেদন দাখিল কৰা নাই ।

যাৰবাবে দাবী, আপত্তি পৰ্যায়ৰ অন্তিম সময়সীমা দাখিলৰ কেইটামান দিন থকাৰ পিছতো মাত্ৰ ১০ লক্ষাধিক লোকেহে আবেদন কৰিছে । মূলতঃ 'বি' তালিকাভুক্ত সংযোগী নথিৰ ক্ষেত্ৰত ২০১৫ চনৰ ৩১ মাৰ্চৰ পূৰ্বেৰ নথি বিচৰাৰ বাবে বহু লোকে লিগেচী ডাটা থকা সত্ত্বেও আবেদন দাখিল কৰিবলৈ সক্ষম হোৱা নাই ।

ৰহমানে সকলো শ্ৰেণীৰ ভাৰতীয় লোকক দাবী, আপত্তি পৰ্যায়ত সময়মতে আবেদন দাখিল কৰিবলৈ আহ্বান জনায় । জিলা জমিয়তৰ সভাপতি মৌলানা আব্দুল লতিফৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অধিবক্তা মোস্তাক আহমেদ লস্কৰেও সমল ব্যক্তি হিচাপে উপস্থিত থাকি ৰাইজৰ মাজত দাবী, আপত্তিৰ প্ৰ-পত্ৰ পূৰণৰ ওপৰত প্ৰশিক্ষণ আগবঢ়ায় ।

Your Comments