যমুনামুখত বিগত কাৰ্যকালৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰে ডুবাব কংগ্ৰেছ-এআইইউডিএফক!

s

ডবকাৰৰ পৰা জমিৰ উদ্দিন তালুকদাৰ 
দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে হোজাই জিলাৰ হোজাই, লামডিং সমষ্টিৰ লগতে যমুনামুখ সমষ্টিতো ৷ যমুনামুখ সমষ্টিত কংগ্ৰেছ, অগপ, এআইইউডিএফৰ লগতে বিজেপি আৰু ঠায়ে ঠায়ে নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰচাৰ অভিযান তীব্ৰ কৰি    তুলিছে ৷ ভোটাৰক আকৰ্ষিত কৰাৰ বাবে প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে ভোটাৰৰ ঘৰে-ঘৰে গৈ নিজৰ সমৰ্থনত প্ৰচাৰ চলোৱা দেখা গৈছে ৷ এক কথাত প্ৰচাৰৰ ক্ষেত্ৰত কোনো এটা দল পিছপৰি থকা নাই ৷

প্ৰতিটো দলে জিলা পৰিষদ আৰু পঞ্চায়ত ভিত্তিক দলীয় নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি প্ৰচাৰ অভিযান তীব্ৰ কৰাৰ সমানে দলীয় প্ৰাৰ্থীৰ বেনাৰ-পোষ্টাৰ আঁৰি প্ৰচাৰ চলোৱা দেখা গৈছে ৷ বিপৰীতে যমুনামুখ সমষ্টিত প্ৰচাৰৰ ক্ষেত্ৰত পদে পদে উজুটি খাইছে কংগ্ৰেছ আৰু মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে ৷ এই দুয়োটা দলৰ বিৰুদ্ধে আছে অজস্ৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ ৷ বিগত পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোৰ বিভিন্ন পঞ্চায়তৰ পৰা বিশেষকৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ প্ৰতিনিধি নিৰ্বাচিত হৈ আহিছিল ৷

বাতৰি অনুসৰি ২৪টা গাওঁ পঞ্চায়তৰে গঠিত বিন্নাকান্দি আঞ্চলিক পঞ্চায়তত এআইইউডিএফৰ ১৩ গৰাকী আঞ্চলিক সদস্য নিৰ্বাচিত হোৱাৰ বিপৰীতে কংগ্ৰেছৰ ৮ গৰাকী আৰু নিৰ্দলীয়ৰ ৰূপত ৩ গৰাকী সদস্য নিৰ্বাচিত হৈছিল ৷ বিন্নাকান্দি আঞ্চলিক পঞ্চায়ত দখল কৰিছিল এআইইউডিএফে ৷ আঞ্চলিক পঞ্চায়তৰ সভাপতি নিৰ্বাচিত হৈছিল বৰপেটাৰ সাংসদ ছিৰাজুদ্দিন আজমলৰ ব্যক্তিগত সচিব আকবৰ আলী ৷

পিছে, এইগৰাকী আকবৰ আলী সভাপতি নিৰ্বাচিত হোৱা বিন্নাকান্দি আঞ্চলিক পঞ্চায়তত বিভিন্ন আঁচনিত কেইবা লাখটকীয়া কেলেংকাৰী সংঘটিত হৈছিল ৷ কেলেংকাৰীত অভিযুক্ত কেবাগৰাকী পঞ্চায়ত প্ৰতিনিধি, পঞ্চায়ত সচিব, বিন্নাকান্দি উন্নয়ন খণ্ডৰ এগৰাকী গাণনিক বিষয়াই জেলৰ ভাত খাইছিল ৷ মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ ঘনিষ্ট আঞ্চলিক পঞ্চায়তৰ সভাপতি আকবৰ আলীৰ বিৰুদ্ধে ডবকা থানাত ৰুজু হৈ আছে জামিন অযোগ্য ধাৰাত গোচৰ ৷

s

গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ আকবৰ আলীয়ে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল যদিও আদালতে খাৰিজ কৰিছিল জামিনৰ আবেদন ৷ একেদৰে বিগত পঞ্চায়ত নিৰ্বাচনত যমুনামুখ সমষ্টিৰ ২৪টা পঞ্চায়তৰ ১২ খনত এআইইউডিএফ দলৰ সভাপতি, ৯ খনত কংগ্ৰেছ আৰু ৩ খনত নিৰ্দলীয় প্ৰাৰ্থী সভাপতি নিৰ্বাচিত হৈছিল ৷ সমষ্টিটোৰ ৪টা জিলা পৰিষদ সমষ্টি দখল কৰিছিল এআইইউডিএফে ৷ কিন্তু সমষ্টিখনৰ উন্নয়নৰ পৰিৱৰ্তে কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ প্ৰতিনিধিসকলে চৰকাৰী আঁচনিত চলাইছিল ব্যাপক লুণ্ঠনৰাজ ৷

বিগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ডবকাৰ এখন সভাত মৌলানা বদৰুদ্দিন আজমলে তেওঁৰ দলৰ প্ৰাৰ্থীসকলক দুৰ্নীতি নকৰিবলৈ আল্লাহৰ নামত শপত খুৱাইছিল ৷ কিন্তু সমষ্টিটোত আটাইতকৈ বেছি দুৰ্নীতি সংঘটিত কৰিছে আজমলৰ দলৰ নিৰ্বাচিত প্ৰতিনিধিসকলে ৷ দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে আজমলে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে এইবেলি আজমলৰ দলক উৎসাতৰ সংকল্প লৈছে ৷ প্ৰতিষ্ঠান বিৰোধী ঢৌৱে আজমলৰ দলক জৰ্জৰ কৰাৰ সময়ত বিগত পঞ্চায়তৰ দুৰ্নীতিয়ে কংগ্ৰেছ দলকো চুইছে ৷

দুৰ্নীতিৰ লগতে পঞ্চায়তৰ টিকট বিতৰণৰ খেলিমেলিক লৈয়ো দলটোৰ নেতৃত্বৰ বিৰুদ্ধে একাংশ নেতা ক্ষুব্ধ ৷ লগতে সমষ্টিটোৰ একাংশ শীৰ্ষ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে পঞ্চায়তৰ টিকট প্ৰদানত নাৰী আৰু টকাৰ সম্পৰ্কক লৈও অভিযোগ উঠিছে ৷ আনকি সমষ্টিটোৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰহিমা বেগমে এইক্ষেত্ৰত সামাজিক মাধ্যমত কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৷

এনে অভিযোগে সমাগত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলক ক্ষতি কৰাৰ লগতে প্ৰতিষ্ঠান বিৰোধী ঢৌৱে ক্ষতি কৰিব আজমলৰ দলকো ৷ এনে অৱস্থাত সমষ্টিটোত প্ৰৱল ৰূপত উত্থান ঘটা অগপ দলৰ যুৱ নেতা আলহাজ ৰেজাউল কৰিম চৌধুৰীয়ে সুযোগ ল'ব পাৰিবনে ? এই প্ৰশ্ন সাধাৰণ ৰাইজৰ ৷

Your Comments