ভাৰতীয় ফুটবল তাৰকা সুনীল ছেত্ৰীলৈ 'প্লেয়াৰ অৱ দ্য ইয়েৰ' সন্মান আগবঢ়াইছে অল ইণ্ডিয়া ফুটবল ফেডাৰেচন, চমুকৈ এ আই এফ এফে । ২০১৭ বৰ্ষৰ বাবে সুনীললৈ আগবঢ়োৱা হৈছে এই সন্মান । ভাৰতীয় ফুটবল দলৰ অধিনায়কজনে ইতিমধ্যে দেশৰ হৈ ১০০ খন মেচ খেলাৰ বিৰল গৌৰৱ অৰ্জন কৰিছে । সুনীলৰ পূৰ্বে জাতীয় দলৰ হৈ ১০০ খন মেচ খেলা একমাত্র ফুটবলাৰজন আছিল প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়া । ৩৩ বছৰীয়া সুনীলে যোৱাটো ছিজনত বেংগালুৰু ফুটবল ক্লাৱৰ হৈ খেলা ৩০ খন মেচত ২২ টা গ'ল দিয়ে ।
- Log in to post comments
- 17 views