মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
বিজেপিৰ জেংৰাই শক্তি কেন্দ্ৰ সমিতিৰ পাঁচগৰাকী নেতা-কৰ্মীক দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । বিজেপি জেংৰাই শক্তি কেন্দ্ৰৰ উদ্যোগত উজনি মাজুলী মণ্ডল সমিতিৰ সভাপতি দীন পেগুৰ সভাপতিত্বত আজি জেংৰাইমুখত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত মাজুলী জিলা সদস্যা তথা ৫নং ৱাৰ্ডৰ সভানেত্ৰী দেবেশ্বৰী পেগু দলে, মাজুলী জিলা এছ টি মৰ্চাৰ উপ-সভাপতি অমৰচন দলে, শক্তি কেন্দ্ৰৰ আহ্বায়ক ক্ৰমে গংগা প্ৰসাদ পেগু
আৰু দেৱৰাম পেগু, ৮নং ৱাৰ্ডৰ সভাপতি সুৰজিৎ পেগু আদি পাচঁগৰাকী নেতাই দলীয় নীতি-আদৰ্শক বিসৰ্জন দি দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অপৰাধত দায়িত্বৰ পৰা অব্যাহতি দি তেওঁলোকৰ স্হানত ৫নং ৱাৰ্ডৰ সভাপতি হিচাপে অনিল দলে, ৮নং ৱাৰ্ডৰ সভাপতি হিচাপে সিদ্ধাৰ্থ দলে, ৪নং ৱাৰ্ডৰ সম্পাদক হিচাপে ক্ৰমে পূৰ্ণেশ্বৰ পেগু আৰু বাবা পেগুক নতুনকৈ দায়িত্ব দিয়াৰ সিদ্ধান্ত লোৱা হয় ।
- Log in to post comments
- 14 views