নগাঁৱৰ পৰা ৱাহিদুদ জামান
আৰক্ষীৰ চকুত ধুলি দি নগাঁও চহৰৰ বিভিন্ন স্থানত এটাৰ পিছত এটাকৈ সংঘটিত হৈছে বিভিন্ন অপৰাধমূলক ঘটনা । কেইদিনমান পুৰ্বে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা মাত্ৰ এশ মিটাৰ নিলগৰ মিছন মাৰ্কেটত থকা এখন ঔষধ বিপণীৰ শ্বাটাৰ ভাঙি এটা দুৰ্বৃত্তৰ দলে বিপণীখনৰ ভিতৰত প্ৰৱেশ কৰি কে'বা লক্ষ টকা লুট কৰি নিয়ে ।
ইয়াৰ দুই/তিনিদিন পিছত একে স্থানৰ ওচৰৰে ৰাস্তাৰ কাষৰ পৰা দিন দুপৰতে এজন পথচাৰীৰ পৰা চিলনী চোৰে নগদ ধনভৰ্তি বেগ লৈ যোৱাৰ চেষ্টা চলাই স্থানীয় ৰাইজৰ ৰোষত পৰে ।
তদুপৰি, চহৰখনৰ বিভিন্ন স্থানত বাইক চুৰিৰ ঘটনা এক প্ৰকাৰ প্ৰতিদিনে সংঘটিত হৈ আহিছে । এইবোৰ ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে মঙলবাৰে নিশা নগাঁও সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় ৫ মিটাৰ নিলগৰ এলফিনষ্টন চাৰিআলিৰ এ বি পথৰ কাষত থকা ইছৰা মেডিকেল হলত দুজনীয়া চোৰৰ দলে চাফাই অভিযান চলায় ।
অতি ব্যস্ততাপূৰ্ণ এলেকাত থকা ঔষধৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পিছফালৰ এডজাষ্ট ফেনৰ ফুটায়েদি অতি কৌশলেৰে প্ৰৱেশ কৰি চোৰৰ দলটোৱে ষ্টিলৰ আলমিৰা ভাঙি প্ৰায় ৩.৫০ লক্ষ টকা লুট কৰি নিৰ্বিঘ্নে পলাই যাবলৈ সক্ষম হয় ।
সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দী হয় । চিচি টিভিত প্ৰত্যক্ষ কৰা মতে, সেইদিনা নিশা প্ৰায় ২.৩৫ বজাত মুখত ক'লা কাপোৰ পিন্ধা দুজনীয়া চোৰৰ দল প্ৰৱেশ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ আলমিৰা আৰু কেশ্ব বক্সৰ পৰা নগদ ধনখিনি লৈ এখন মোনাত ভৰাই লৈ যায় । ঘটনা সন্দৰ্ভত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্ত্বাধিকাৰী মইনুল হক চৌধুৰীয়ে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।
আৰক্ষীয়ে ৪০০৪/১৮ নম্বৰত গোচৰটি ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও অদ্যপিও চোৰৰ কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই । তাৎপৰ্যপূৰ্ণ বিষয় যে নগাঁও আৰক্ষীৰ সোপাঢিলা নীতিৰ সুযোগ লৈ নগাঁও চহৰত চুৰিকাৰ্যকে ধৰি বিভিন্ন অসামাজিক কাম-কাজ সংঘটিত হৈ আছে যদিও আৰক্ষীয়ে ইয়াক নিয়ন্ত্রণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ।
- Log in to post comments
- 10 views