বৰপেটাত গণ সত্যাগ্ৰহ

বৰপেটাত গণ সত্যাগ্ৰহ

বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰপেটা জিলা সমিতি আৰু বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৬৮টা জাতীয় সংগঠনৰ উদ্যোগত বৰপেটা আৱৰ্ত ভৱনৰ সন্মুখত আজি এক গণ সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰ্হণ কৰা হয় ।

বৰপেটাত গণ সত্যাগ্ৰহ

উক্ত কাৰ্যসূচীত কেইবাশ নেতা-কৰ্মী উপস্থিত থাকে । অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চন্দন কলিতা, কমলেশ্বৰ চৌধুৰী, দিগ্বিজয় ডেকা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাতুল হুচেইন, গুৰুপ্ৰসাদ দাস, ৰফিকুল ইছলামে ভাষণ ৰাখি নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিবলৈ দাবী জনোৱাৰ লগতে অসমৰ সমূহ জনসাধাৰণক এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় ।

Your Comments