মৰিকলং বকুলতল নামঘৰৰ পুনৰ প্ৰতিষ্ঠা দিৱসৰ সামৰণি

মৰিকলং বকুলতল নামঘৰৰ পুনৰ প্ৰতিষ্ঠা দিৱসৰ সামৰণি

নগাঁৱৰ পৰা ৱাহিদুদ জামান

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিলৈ আগবঢ়াই যোৱা অবদান অদ্বিতীয় আৰু অসাধাৰণ ।" এই মন্তব্য বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাৰ । সোমবাৰে সন্ধ্যা মৰিকলং বকুলতল নামঘৰৰ পুনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ধৰ্মসভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰি বৰাই আৰু কয়- অসমৰ জনজীৱনৰ ৰূপান্তৰৰ খনিকৰ শংকৰদেৱ ।

মৰিকলং বকুলতল নামঘৰৰ পুনৰ প্ৰতিষ্ঠা দিৱসৰ সামৰণি

অসমীয়া সংস্কৃতিৰ মহা সংগ্ৰামৰ প্ৰথম চিন "চিহ্নযাত্ৰা" । তেওঁ নামঘৰক একতাৰ স্থলী হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায় । ৰুণজুন বৰাই আঁতধৰা সভাখনত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক ড: সঞ্জীৱ বৰকাকতীয়ে শংকৰদেৱৰ জীৱন দৰ্শনৰ ওপৰত ব্যখ্যা দাঙি ধৰি কয়- অসমীয়া জাতিয়ে এতিয়াও শংকৰদেৱক ভালকৈ চিনিব পৰা নাই ।

তেওঁ লগতে কয়- শংকৰদেৱেই একমাত্ৰ ধৰ্ম প্ৰচাৰক যি জ্ঞানমাৰ্গ আৰু ভক্তিমাৰ্গ একত্ৰিত কৰিছিল । সভাতেই নামঘৰ পৰিচালনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা দুলু বৈদ্য সম্পাদিত স্মৃতিগ্ৰন্থ 'বকুল তলৰ সুবাস' উন্মোচন কৰে ময়ূৰ বৰা আৰু ড: সঞ্জীৱ বৰকাকতীয়ে ।

সভাত স্থানীয় বিশিষ্ট ব্যক্তি ভোলা শইকীয়া, বিচিত্ৰা শইকীয়া, হেমন্ত বৈদ্য, টংকেশ্বৰ বৈদ্য, টংকেশ্বৰৰ শইকীয়া আদি উপস্থিত থকে । পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠান আজি ৰাসলীলা প্ৰদৰ্শনেৰে সামৰণি পৰে ।

Your Comments