সোণাৰিৰ পৰা ঘন বৰা
আমছু জাতীয় সংগঠন হয়নে নহয় তাৰ প্ৰমাণ-পত্ৰ দিব নালাগে হিমন্ত বিশ্ব শৰ্মাই ।
নিজে দল-বাগৰা ৰাজনৈতিক নেতা হৈ আনক সমালোচনা কৰাৰ অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ ।
এই ভাষ্য সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ।
চৰাইদেউ জিলাৰ সদৰ সোণাৰিত আমছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে এক সংবাদমেলযোগে হিমন্ত বিশ্ব শৰ্মাই আমছুক সমালোচনা কৰাৰ প্ৰত্যুত্তৰ হিচাপে এনেদৰে কয় ।
সংবাদমেলত আমছুৰ সভাপতিগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাই অসমত এক অস্থিৰ পৰিৱেশৰ সূচনা কৰিবলৈ আমছুক সমালোচনা কৰা বুলি উল্লেখ কৰি আমছু এন আৰ চিৰ বিৰোধী নহয় বুলি মন্তব্য কৰে ।
অন্যহাতে, এন আৰ চি ৰূপায়ণৰ নামত খাটিখোৱা কোনো ভাৰতীয় নাগৰিকক অত্যাচাৰ নকৰিবলৈও আহ্বান জনায় ।
- Log in to post comments
- 10 views