ভোটাৰৰ মন জয় কৰিবলৈ মাজুলীৰ ধাননি পথাৰত নিৰ্বাচনী প্ৰচাৰ

ভোটাৰৰ মন জয় কৰিবলৈ মাজুলীৰ ধাননি পথাৰত নিৰ্বাচনী প্ৰচাৰ

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৯৯নং মাজুলী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ।

মাজুলী আৰু উজনি মাজুলী দুটা উন্নয়ন খণ্ডত ২০খন গাঁও পঞ্চায়তৰ সভাপতি পদত ৭০গৰাকী, আঞ্চলিক সদস্য পদত ৬৫গৰাকীৰ বিপৰীতে ৪খন জিলা পৰিষদৰ আসনত ১১গৰাকী আৰু আৰু ২০০খন ৱাৰ্ডৰ সদস্য পদৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ'বলগা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হ'ব ।

ভোটাৰৰ মন জয় কৰিবলৈ মাজুলীৰ ধাননি পথাৰত নিৰ্বাচনী প্ৰচাৰ

মাজুলীত শাসকীয় বিজেপি-গণশক্তিৰ মিত্ৰজোঁট, কংগ্ৰেছ আৰু অগপ দলৰ মাজতে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা সীমাবদ্ধ থাকিব । নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়ত বিভিন্ন ৰাজনৈতিক দলসমূহে ভোটাৰৰ মন জয় কৰাৰ বাবে বিভিন্ন পৰ্যায়ৰ প্ৰচাৰ চলাইছে ।

বিৰোধী দল কংগ্ৰেছৰ জেংৰাই গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী সত্য (উদ্ধৱ) দলেই আজি জেংৰাই আমগুৰি, জেংৰাই কেচাঁইখোৱা, থেকেৰাগুৰি আদি গাঁওসমূহৰ ধাননি পথাৰত ধান দাই থকা দাৱনিক সাক্ষাৎ কৰি মন জয় কৰাৰ চেষ্টা কৰে ।

তামোল-পাণৰ শৰাই আগবঢ়াই কংগ্ৰেছৰ হাত শক্তিশালী কৰাৰ বাবে হাতৰ চিনত ভোটদান কৰিবলৈ আহ্বান জনায় কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে । এইবাৰ নিৰ্বাচনত বৃহৎ ৰেলী, সমদল, নিৰ্বাচনী সভাৰ বিপৰীতে ভোটাৰৰ ঘৰে ঘৰে গৈ সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে ।

অন্যহাতে, বিজেপি গণশক্তি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে ঘৰে ঘৰে গৈ পদধূলা লোৱা, নিৰ্বাচনী প্ৰচাৰ সভা, বাইক ৰেলী আদিৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে । তদুপৰি, দুয়ো দলৰ ৰাজ্যিক সমিতিৰ বিয়াগোম নেতাৰ জৰিয়তে বৃহৎ নিৰ্বাচনী সভাৰে প্ৰচাৰ চলোৱাৰ কথা ।

ইপিনে অগপ দলেও ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে ।

Your Comments