মৰিগাঁৱৰ পৰা জিতুমনি নাথ
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি, আমছু, তিৱা যুৱ-ছাত্ৰ পৰিষদ, খিলঞ্জীয়া সুৰক্ষা সমিতি, আলফা ছহিদ পৰিয়াল, টাই আহোম, সদৌ অসম কৃষক সংঘকে আদি কৰি ৭০টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ বাতিল কৰাৰ দাবীত আজি মৰিগাঁৱৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গণ সত্যাগ্ৰহ কাৰ্য্যসূচী ৰূপায়ণ কৰে ।
কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায়, হায়, ৰাজ্য চৰকাৰৰ কাম নাই, জাতিধ্বংসী বিধেয়ক বাতিল কৰক, জাতীয় নায়ক ক'লৈ গ'ল আদি ধ্বনিৰে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে ।
প্ৰতিবাদী কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ সভাপতি ললিত চন্দ্ৰ পাচনি, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰণ্টুমণি ডেকা, উপদেষ্টা মিন্টু নাথ, বিত্ত সম্পাদক দীপজ্যোতি বৈশ্য, কৃষক নেতা দেৱজিৎ পাতৰ, ৰমেন শইকীয়া, তিৱা যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক ৰত্নেশ্বৰ দেউৰীকে আদি কৰি বহুকেইটা সংগঠনৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 24 views