নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত সৰৱ গোলাঘাটত ৭০টা সংগঠন

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত সৰৱ গোলাঘাটত ৭০টা সংগঠন

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হ'ল ৭০টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠন । জয় আই অসম ধ্বনিৰে আকাশ-বতাহ উত্তাল কৰি গোলাঘাটৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত ৭০টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে ।

আৰ এছ এছ, বিজেপি চৰকাৰ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে সন্মিলিত সংগঠনটোৱে । কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ মানি নোলোৱাৰ হুংকাৰ দিয়াৰ লগতে প্ৰয়োজনত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ যোগেদি জীৱন পণ কৰি হ'লেও এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ পৰা স্থিতি সলনি নকৰাৰ কথা স্পষ্ট কৰে সন্মিলিত সংগঠনটোৱে ।

Your Comments