বটদ্ৰৱাৰ বিধায়িকাৰ নিৰ্বাচন আয়োগক অংগুষ্ঠ প্ৰদৰ্শন : নিৰ্বাচন আয়োগক মুকলি প্ৰত্যাহ্বান চৰকাৰী কৰ্মচাৰী ইয়াচিনৰ

বটদ্ৰৱাৰ বিধায়িকাৰ নিৰ্বাচন আয়োগক অংগুষ্ঠ প্ৰদৰ্শন : নিৰ্বাচন আয়োগক মুকলি প্ৰত্যাহ্বান চৰকাৰী কৰ্মচাৰী ইয়াচিনৰ

নগাঁৱৰ প্ৰতিনিধি

কথাছবিৰ ৰঙচঙীয়া জগতৰ পৰা নিশাৰ ভিতৰতে অসম বিধানসভাৰ সদস্যপদ লাভ কৰি সমষ্টিৰ বিধি ৰূপায়ণ কৰোঁতালৈ ৰূপান্তৰিত হোৱা, সততে বিতৰ্কৰ শীৰ্ষত থকা বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই নামানে ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া বিধি ব্যৱস্থা ৷

বিধায়ক হোৱাৰ পূৰ্বৰ দৰেই যেন নিৰ্বাচনী নীতি-নিয়ম, বিধি-নিৰ্দেশনা সন্দৰ্ভত বৰ্তমানো চূড়ান্তভাৱে অজ্ঞ বিজেপিৰ এইগৰাকী মোহময়ী বিধায়িকা ৷

বটদ্ৰৱাৰ বিধায়িকাৰ নিৰ্বাচন আয়োগক অংগুষ্ঠ প্ৰদৰ্শন : নিৰ্বাচন আয়োগক মুকলি প্ৰত্যাহ্বান চৰকাৰী কৰ্মচাৰী ইয়াচিনৰ

বৰ্তমান চলি থকা পঞ্চায়ত নিৰ্বাচনত খোদ বিধায়িকাগৰাকীয়ে প্ৰচাৰ কাৰ্যত মুকলিভাৱে চৰকাৰী কৰ্মচাৰীক ব্যৱহাৰ কৰা কাৰ্যই চূড়ান্তভাৱে উলংঘা কৰিছে নিৰ্বাচনী বিধি-নিৰ্দেশনা আদি ৷
 
ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্বাচনী বিধিৰ অন্যতম নিৰ্দেশনামতে, নিৰ্বাচনত কোনো দল বা দলীয় প্ৰাৰ্থীৰ হৈ চৰকাৰী স্থায়ী অথবা অস্থায়ী কৰ্মচাৰীয়ে প্ৰচাৰ কাৰ্যত জড়িত হ'ব নোৱাৰিব ৷

এই সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচনী আয়োগক চোকা দৃষ্টি ৰাখিবলৈ জাৰি কৰা হৈছে নিৰ্দেশনা ৷ সেইমৰ্মে আগন্তুক পঞ্চায়ত নিৰ্বাচনতো জিলা নিৰ্বাচনী বিষয়াসকললৈ নিৰ্বাচনী আয়োগে চৰকাৰী কৰ্মচাৰী দলীয় প্ৰচাৰত ব্যৱহাৰ সন্দৰ্ভত জাৰি কৰিছে কঠোৰ নিৰ্দেশনা ৷ 

বটদ্ৰৱাৰ বিধায়িকাৰ নিৰ্বাচন আয়োগক অংগুষ্ঠ প্ৰদৰ্শন : নিৰ্বাচন আয়োগক মুকলি প্ৰত্যাহ্বান চৰকাৰী কৰ্মচাৰী ইয়াচিনৰ

কিন্তু এই সকলো নীতি-নিৰ্দেশনাক চূড়ান্ত ভেঙুচালি কৰি বটদ্ৰৱাত খোদ বিধায়িকা আঙুৰলতাই ব্যৱহাৰ কৰিছে চৰকাৰী কৰ্মচাৰীক ৷ প্ৰাপ্ত অভিযোগ মতে, সততে নিজৰ চৰকাৰী দায়িত্বক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি বটদ্ৰৱা ৰামপুৰ সত্ৰৰ পেছাত প্ৰধান শিক্ষক ইয়াচিন আলীয়ে বিজেপি দলৰ বিভিন্ন সভা-সমিতি, দলীয় কাম-কাজত ব্যস্ত থাকি বিভাগীয় নীতি-নিৰ্দেশনাকো দেখুৱাই আহিছে অংগুষ্ঠ ৷

বটদ্ৰৱা শিক্ষা খণ্ডৰ অধীনৰ ডাকাইবস্তি এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত চৰকাৰী কৰ্মচাৰীক বৰ্তমান সততে দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত ৷

বটদ্ৰৱা জিলা পৰিষদ সমষ্টিৰ বিভিন্ন গাঁও পঞ্চায়তত এইগৰাকী প্ৰধান শিক্ষকে বৰ্তমান চলায় আছে দলীয় প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৷ এই কাৰ্যই বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁও জিলাতেই ৷

বিভিন্নজনে খোদ বিধায়িকাই নিৰ্বাচনী বিধি ভৰিৰে মোহাৰি এইজন প্ৰধান শিক্ষকক মঞ্চত নিজৰ কাষত বহুৱাই লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্যৰ ফটোসহ আপলোড কৰি ছ'চিয়েল মিডিয়াত প্ৰশ্ন উথ্থাপন কৰা কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে ৷

বটদ্ৰৱাৰ বিধায়িকাৰ নিৰ্বাচন আয়োগক অংগুষ্ঠ প্ৰদৰ্শন : নিৰ্বাচন আয়োগক মুকলি প্ৰত্যাহ্বান চৰকাৰী কৰ্মচাৰী ইয়াচিনৰ

জানিব পৰামতে, প্ৰধান শিক্ষক ইয়াচিন আলী বিজেপিৰ বটদ্ৰৱা সংখ্যালঘু মণ্ডলৰ সভাপতি ৷ সেই সূত্ৰে বৰ্তমান বিভিন্ন নিৰ্বাচনী প্ৰচাৰ সভাত সংখ্যালঘুসকলৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈ সকলো নিৰ্বাচনী বিধিক চৰম অৱমাননাৰে ভৰিৰে মোহাৰি সংখ্যালঘূ ভোটাৰক বিজিপি দলৰ প্ৰাথীক ভোট দিবলৈ আহ্বান জনাই থকা কাৰ্যত নগাঁও জিলাত নিৰ্বাচনী বিধিৰ মুকলিভাৱে ভংগ কৰি থকা অভিযোগৰ সত্যতাক প্ৰমাণিত কৰিছে ৷ 

শাসকীয় দলৰ সংখ্যালঘূ নেতা তথা বিধায়িকাৰ ঘনিষ্ঠ হ'লেই নগাঁও জিলাত সকলো নিৰ্বাচনী বিধি মুকলিভাৱে ভংগ কৰি আয়োগৰ নিৰ্দেশনা আদিক ভেঙুচালি কৰিব পাৰেনেকি ?

বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ডাকাইবস্তি এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক ইয়াচিন আলীয়ে বটদ্ৰৱাত মুকলিভাৱে নিৰ্বাচন আয়োগৰ নিৰ্দেশণা ভৰিৰে মোহাৰি একপ্ৰকাৰ জিলা নিৰ্বাচনী বিষয়া তথা নিৰ্বাচন আয়োগক চূড়ান্ত পৰ্যায়ত দিছে মুকলি প্ৰত্যাহবান ৷

এই প্ৰত্যাহ্বান নগাঁও জিলা নিৰ্বাচনী বিষয়া তথা নিৰ্বাচন আয়োগে গ্ৰহণ কৰিব নে বিধায়িকা তথা ইয়াচিন আলীৰ দৰে নিৰ্বাচনী বিধি উলংঘাকাৰীক ৰক্ষণাবেক্ষণ দিব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব ৷

Your Comments