নৰ্থ বইটামাৰীত অগপ-কংগ্ৰেছ-বিজেপিৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা

নৰ্থ বইটামাৰীত অগপ-কংগ্ৰেছ-বিজেপিৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা

বঙাইগাঁও বিধানসভা সমষ্টিৰ অৰ্ন্তগত নৰ্থ বইটামাৰী গাঁও পঞ্চায়তৰ অৰ্ন্তগত এলেকাবোৰতো পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল তথা প্ৰাৰ্থীসমূহে তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

পঞ্চায়তখনৰ বাবে অগপ, কংগ্ৰেছ আৰু বিজেপি দলে প্ৰাৰ্থী থিয় কৰাইছে । নৰ্থ বইটামাৰী গাঁও পঞ্চায়তৰ সভাপতি পদত অগপ দলৰ পৰা হিমানী দেৱী, কংগ্ৰেছ দলৰ পৰা হালিমী নাথ আৰু বিজেপিৰ পৰা মিনতি বৰ্মনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

নৰ্থ বইটামাৰীত অগপ-কংগ্ৰেছ-বিজেপিৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা

আনহাতে, ডাংতল আঞ্চলিক পঞ্চায়তৰ সদস্য পদত অগপৰ পৰা বংকিম চন্দ্ৰ বৰ্মন,  কংগ্ৰেছৰ পৰা ভাস্কৰ নাথ আৰু বিজেপিৰ পৰা দমন নাথে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

সকলো প্ৰাৰ্থী তথা ৰাজনৈতিক দলসমূহে বিভিন্নধৰণে সাধাৰণ ৰাইজৰ কাষ চাপিছে । চুবুৰীয়ে চুবুৰীয়ে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । বিগত পাঁচটা বছৰত পঞ্চায়তখন কংগ্ৰেছ দলৰ দখলত আছিল বাবে এইবাৰ পঞ্চায়তখন দখল কৰিবলৈ অগপ দলে আপ্ৰাণ চেষ্টা চলাইছে ।

কিন্তু কংগ্ৰেছ দলেও পুনৰ পঞ্চায়ত দখল কৰিবলৈ কঁকালত টঙালি বান্ধিছে । বিজেপি দলেও পূৰ্বৰ অগপ আৰু কংগ্ৰেছৰ সময়ত পঞ্চায়তখনৰ উন্নয়ন নোহোৱা আৰু দুৰ্নীতিক ইছ্যু হিচাপে লৈ অগপ আৰু কংগ্ৰেছক ব্যাপক প্ৰত্যাহ্বান জনাইছে ।

নৰ্থ বইটামাৰীত অগপ-কংগ্ৰেছ-বিজেপিৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা

অৱশ্যে পঞ্চায়তখনৰ একাংশ সচেতন ৰাইজে ৰাজনৈতিক দলৰ পৰিৱৰ্তে প্ৰাৰ্থী চাই ভোটদান কৰিব । এইবাৰৰ নিৰ্বাচনত বহু যুৱ ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব, সেই যুৱ ভোটাৰসকলে কাৰ পক্ষত ভোটদান কৰে সেয়াও লক্ষণীয় হ'ব ।

পঞ্চায়তখনৰ ভোটাৰে কাক নিৰ্বাচিত কৰে সেয়া সময়ত পৰিস্কাৰ হ'ব ।

Your Comments