সু-সাহিত্যিক, কৃতী শিক্ষক ফণী দাসৰ বিয়োগত চৰ-চাপৰি সাহিত্য পৰিষদৰ শোক প্ৰকাশ

সু-সাহিত্যিক, কৃতী শিক্ষক ফণী দাসৰ বিয়োগত চৰ-চাপৰি সাহিত্য পৰিষদৰ শোক প্ৰকাশ

সু-সাহিত্যিক, কৃতী শিক্ষক ফণী দাসৰ বিয়োগত চৰ-চাপৰি সাহিত্য পৰিষদ, অসমে গভীৰ শোক প্ৰকাশ কৰিছে । এক শোকবাৰ্তাযোগে পৰিষদৰ সভাপতি ডঃ হাফিজ আহমেদে কয় যে ফণী দাসৰ বিয়োগত অসমে এগৰাকী সু-সাহিত্যিক তথা কৃতী শিক্ষকক হেৰুৱালে ।

বৰপেটাৰ গৌৰৱ, লোক-সাহিত্য বিশাৰদ প্ৰয়াত ৰামচন্দ্ৰ দাসৰ সুযোগ্য পুত্ৰ ফণী দাস এগৰাকী সাহিত্য-সমালোচক তথা প্ৰবন্ধকাৰৰূপেই প্ৰধানতঃ প্ৰসিদ্ধি লাভ কৰিছিল ।

অগ্ৰদূত, দৈনিক অসম, সাপ্তাহিক নাগৰিক, বৰদৈচিলা, প্ৰতিধ্বনি আদি কাকত-আলোচনীত তেওঁ নিয়মিতভাৱে সাহিত্য চৰ্চা কৰিছিল । অসমীয়া সাহিত্যৰ জেউতি নামৰ তেওঁৰ গ্ৰন্থখনত তেওঁ অসমীয়া সাহিত্যলৈ চৰ-চাপৰিবাসী লেখকসকলৰ অৱদানৰ কথা আলোচনা কৰি ১৯৮৮ চনতে এইসকল লেখকৰ বৰঙণিৰ সঠিক মূল্যায়ন কৰিছিল ৷

গ্ৰন্থখনৰ পাতনিত ডঃ মহেশ্বৰ নেওগে ফণী দাসে লিখা এই প্ৰবন্ধটিৰ ভূয়সী প্ৰশংসা কৰিছিল । বৰপেটা আৰু গোৱালপাৰা জিলাৰ চৰ-চাপৰিৰ অনেক সাহিত্যিকেই এইগৰাকী মহান লেখকৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল বুলিও উল্লেখ কৰে ৷

পৰিষদে দাসৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

Your Comments