সো্ণাৰিৰ পৰা ঘন বৰা
কংগ্ৰেছ দলে পঞ্চায়তীৰাজ ব্যৱস্থাক কলুষিত কৰিলে, যাৰ ফলত পঞ্চায়তীৰাজ ব্যৱস্থাটো সফল নহ'ল । চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত পঞ্চায়ত নিবাৰ্চনৰ এখন সভাত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে কয় । কংগ্ৰেছ দলৰ নেতাবোৰে ৰাইজৰ ধন আত্মসাৎ কৰি লুটিপুতি খোৱাৰ বাবে গ্ৰামাঞ্চলৰ উন্নয়ন নহ'ল ।
মাত্ৰ আঢ়ৈ বছৰতে বিজেপি দলে অসমৰ উন্নয়নত সফলতা লাভ কৰিছে । উজ্বলা যোজনা, সৌভাগ্য আঁচনি আদিৰ জৰিয়তে গ্ৰামাঞ্চলৰ জনসাধাৰণক আমাৰ চৰকাৰে উপকৃত কৰিছে ৷ ইফালে বিজেপি চৰকাৰৰ হাতত সততা আছে বাবেই জনসাধাৰণে বিজেপি দলক আঁকোৱালি লোৱা বুলি মন্তব্য কৰে মুখ্য মন্ত্ৰী সোণোৱালে ।
অন্যহাতে, বিদেশী সম্পৰ্কত তেওঁ কয়, একাংশ লোকে সমাজত বিভ্ৰান্তিকৰ অপপ্ৰচাৰ কৰিছে । বিজেপি দল শাসনত থকালৈকে চাওলুং চ্যুকাফাৰ বৰ অসমক ভাগ ভাগ হ'বলৈ দিয়া নহ'ব বুলিও তেওঁ কয় ।
ইফালে বিগত কিছুদিন ধৰি অসমৰ একাংশ যুৱক উগ্ৰপন্থী সংগঠনত যোগদান কৰা বিষয়টোত কিছু দল-সংগঠনে সমৰ্থন কৰা কাৰ্যক সমালোচনা কৰি উগ্ৰপন্থীৰ বিৰুদ্ধে চৰাইদেউ জিলাৰ জনসাধাৰণক সজাগ হ'বলৈ আহ্বান জনায় । ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ বাবে গ্ৰামাঞ্চলৰ অৰ্থনীতি শক্তিশালী কৰাত চৰকাৰে সবাতোকৈ গুৰুত্ব দিয়া বুলি উল্লেখ কৰি বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰে গাঁৱৰ ৰাইজৰ উন্নয়নৰ বাবে অহা বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰি ৰাইজক প্ৰতাৰণা আৰু বঞ্চিতহে কৰি ৰাখিলে বুলি মন্তব্য কৰে ।
জিলাখনৰ সাপেখাতী মজলীয়া বিদ্যালয় খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত সোণাৰি সমষ্টিৰ বিধায়ক তথা শক্তি আৰু গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈয়ে কংগ্ৰেছৰ অপশাসনৰ ৰাজত্বকাল আঁতৰাই জনসাধাৰণে যিদৰে বিজেপি দলক বিগত বিধানসভা আৰু লোকসভা নিবাৰ্চনত ভোট দিছিল সেইদৰে পঞ্চায়ত নিবাৰ্চনতো বিজেপি দলৰ প্ৰাৰ্থীক ভোট দি দুৰ্নীতিমুক্ত, বিকশিত নিকা পঞ্চায়ত নিবাৰ্চন গঠনত সহযোগ কৰিবলৈ ৰাইজক আহ্বান জনায় ।
মন্ত্ৰী তপন কুমাৰ গগৈয়ে আগন্তুক পঞ্চায়ত নিবাৰ্চনত বিজেপি দলে চৰাইদেউ জিলাৰ আটাইবোৰ পঞ্চায়ত তথা নতুনকৈ গঠন কৰিবলগীয়া চৰাইদেউ জিলা পৰিষদ গঠন কৰিব বুলি দাবী কৰে । সভাত মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন উপস্থিত থাকি চৰাইদেউ জিলাৰ দুয়োটা সমষ্টিৰ অন্তৰ্গত আটাইকেইখন পঞ্চায়ত আৰু জিলা পৰিষদত বিজেপিৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ।
উক্ত নিৰ্বাচনী সভাত বিজেপিৰ ৰাজ্যিক সদস্য মনোজ বৰুৱা, এ পি জি চি এলৰ উপাধ্যক্ষ অনুপ সিং ৰাজপুৰোহিত, মহিলা মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া নৱনীতা সন্দিকৈ আদি বহুকেইজন বিজেপি নেতা উপস্থিত থাকে ।
- Log in to post comments
- 26 views