ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত কৰ্মৰত জি এন এম নাৰ্ছসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ দাবীত আজিৰে পৰা সদৌ অসম নাৰ্ছ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচীৰ অংশ হিচাপে বঙাইগাঁৱতো সন্থাৰ জিলা শাখাই সৰ্বাত্মক কৰ্মবিৰতি পালন কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷
বঙাইগাঁও অসামৰিক চিকিৎসালয় চৌহদত জিলা নাৰ্ছ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা কৰ্মবিৰতি তথা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা নাৰ্ছসকলে হাতে হাতে বিভিন্ন দাবীসম্বলিত প্লে'-কাৰ্ড লৈ নানা শ্লোগানো দিয়ে ৷
উল্লেখ্য যে সৰ্বাত্মক কৰ্মবিৰতি পালন কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰা জি এন এম নাৰ্ছসকলে মূলতঃ সপ্তম দৰমহা আয়োগে প্ৰকাশ কৰা আৰ অ' পি দৰমহা গাঁথনিত থকা বিসংগতি অনতিপলমে সংশোধন কৰা, জি এন এম নাৰ্ছক পূৰ্বৰ ষ্টাফ নাৰ্ছৰ পদমৰ্যাদা ঘূৰাই দিয়া, জি এন এমসকলৰ কৰ্মক্ষেত্ৰৰ সেৱাবিধি প্ৰস্তুত কৰা, একে পদৰ বিপৰীতে একে হাৰত দৰমহা দিয়া, জি এন এমসকলক জ্যেষ্ঠতাৰ ভিত্তিত পদোন্নতিৰ ব্যৱস্থা কৰা, এন এইচ এম, ষ্টাফ নাৰ্ছসকলক জ্যেষ্ঠতাৰ ভিত্তিত চাকৰি নিয়মীয়াকৰণ কৰা আদিৰ দাবী জনায় ৷
ইপিনে সদৌ অসম নাৰ্ছ সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ ফলত চিকিৎসালয়সমূহত প্ৰায় অচলাৱস্থাৰ সৃষ্টি হৈছে ৷ জিলা নাৰ্ছ সন্থাৰ নেতৃত্বই চৰকাৰে যেতিয়ালৈকে দাবীসমূহ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে এই কৰ্মবিৰতি কাৰ্যসূচী অব্যাহত থাকিব বুলি কয় ৷
- Log in to post comments
- 14 views