নগাঁৱত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘাতময় পৰিস্থিতি, ১৪টাকৈ গোছৰ ৰুজু আৰক্ষীৰ

নগাঁৱত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘাতময় পৰিস্থিতি, ১৪টাকৈ গোছৰ ৰুজু আৰক্ষীৰ

নগাঁৱৰ পৰা ৱাহিদুদ জামান

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও জিলাত পঞ্চায়তকেন্দ্ৰিক নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰিছে । বিজেপি, অগপ, কংগ্ৰেছ, এ আই ইউ ডি এফ আদি ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে । প্ৰতিটো ৰাজনৈতিক দলেই পৰস্পৰে পৰস্পৰক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ ৰাজনৈতিক বতাহ গৰম কৰি তুলিছে ।

মিত্ৰজোঁট চৰকাৰৰ দুই অংশীদাৰ বিজেপি আৰু অগপই সমুখ সমৰত লিপ্ত হোৱাত ভেটাৰ ৰাইজ বিবুধিত পৰিছে । পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি জিলাখনৰ বিভিন্ন স্থানত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে । বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে বেনাৰ-পোষ্টাৰ ফলাৰ ঘটনা অব্যাহত আছে ।

তদুপৰি, ঠাই বিশেষে প্ৰাৰ্থীৰ গাড়ীলৈ শিলগুটি দলিওৱাৰ দৰে ঘটনা সংঘটিত হৈছে । দেওবাৰে জিলাখনৰ চামগুৰিত একাংশ লোকে কংগ্ৰেছ প্ৰাৰ্থীৰ গাড়ীলৈ শিলগুটি দলিওৱা ঘটনাক কেন্দ্ৰ কৰি চামগুৰিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

আনহাতে, নগাঁও চহৰৰ সমীপৰ ভকতগাঁও জিলা পৰিষদ এলেকাত এগৰাকী এ আই ইউ ডি এফৰ জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ যোৱা দলটোৰ এগৰাকী নেতাৰ গাড়ীলৈ নিশা দুষ্কৃতিকাৰীয়ে শিলগুটি দলিওৱাক কেন্দ্ৰ কৰি এলেকাটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জিলাখনত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমশঃ সৃষ্টি হৈছে এক সংঘাতময় পৰিস্থিতিৰ ।

জিলাখনত সংঘটিত এনেবোৰ ঘটনাই জিলা প্ৰশাসনকো চিন্তিত কৰি তুলিছে । জিলাখনৰ ধিং, বট্ৰদৱা, নগাঁও সদৰ, ৰহা, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ আদি সমষ্টিসমূহত ইতিমধ্যে কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈছে ।

এই হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত নগাঁও আৰক্ষীয়ে বৰ্তমানলৈকে ১৪টা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

Your Comments