অসমৰ প্ৰধান সমস্যা বাংলাদেশী নহয়, নেতাসকলৰ বিফলতা : প্ৰব্ৰজনবিৰোধী মঞ্চ

অসমৰ১প্ৰধান১সমস্যা১বাংলাদেশী১নহয়৭১নেতাসকলৰ১বিফলতা১ো১প্ৰব্ৰজনবিৰোধী১মঞ্চ

চেঙাৰ পৰা সুৰজিৎ পাঠক

খিলঞ্জীয়াৰ সুৰক্ষিত ভবিষ্যতৰ বাবে পদক্ষেপ গ্ৰহণেৰে পুনৰ সৰৱ হৈ পৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা ।

মহাপুৰুষ কেইজনাৰ অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰে সমৃদ্ধ অসমীয়া জাতিটোৰ সংকট কালত জাতি, ভেটি সুদৃঢ় কৰিবলৈ দীৰ্ঘদিন ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই ।

খিলঞ্জীয়াৰ অধিকাৰ অটুট ৰাখিবলৈ তথা খিলঞ্জীয়াক সুৰক্ষিত কৰিবলৈ প্ৰশাসনীয় আৰু আইন ব্যৱস্থাৰ পোষকতা কৰিছে এইবাৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ।

অহা ৮ ডিচেম্বৰত দিনৰ ১২ বজাত প্ৰব্ৰজনবিৰোধী মঞ্চই গুৱাহাটীৰ লতাশিল  খেলপথাৰত 'সচেতন ৰাইজৰ সমাবেশ'ৰ আয়োজন কৰিছে । অনুষ্ঠান সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই কয় যে যোৱা তিনিটা দশকৰো অধিক সময় অসমৰ খিলঞ্জীয়া জনতাই জাতিটোৰ সুৰক্ষিত ভবিষ্যতৰ স্বাৰ্থত বিৰামবিহীন সংগ্ৰাম চলাই থকাৰ পাছতো ফলাফল পোৱা নাই ।

"অসমৰ প্ৰধান সমস্যা বাংলাদেশী নহয়, অসমৰ নেতাসকলৰ বিফলতাহে মূল কাৰণ । আমি এই সংগ্ৰাম নিশ্চিতভাৱে আগন্তুক তিনি মাহ, ৩১ জানুৱাৰী, ২০১৯ৰ ভিতৰত শেষ কৰিব পাৰোঁ ।

যদিহে খিলঞ্জীয়াৰ ভোটত নিৰ্বাচিত হোৱা বৰ্তমানৰ ৰাজ্য চৰকাৰে তিনিটা পদক্ষেপ গ্ৰহণ কৰে ।" এয়া উপমন্যু হাজৰিকাৰ মন্তব্য ৷ পদক্ষেপ তিনিটা সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয়, আগৰে পৰা থকা বিদেশীৰ হাতত খিলঞ্জীয়া সংখ্যালঘু নহ'বলৈ প্ৰথমতে সংৰক্ষণ আইন, ১৯৫১ চনৰ ভিত্তিত ভূমি, চৰকাৰী চাকৰি আৰু সা-সুবিধা, বেপাৰ-বাণিজ্যৰ অনুজ্ঞা-পত্ৰৰ সংৰক্ষণ কৰি যিদৰে মণিপুৰ বিধানসভাই কিছুদিন আগতে সংৰক্ষণ বিধেয়ক গৃহীত কৰিলে ।

দ্বিতীয়তে, বৰ্তমান এন আৰ চিৰ দ্বাৰা বাংলাদেশীহে উপকৃত হৈছে, সেয়েহে সম্পূৰ্ণ পুনৰীক্ষণৰ জৰিয়তে এন আৰ চিৰ বিসংগতি দূৰ কৰি সকলো বিদেশীৰ নাম কৰ্তন কৰা । সমান্তৰালকৈ আহিব খোজা বিদেশীৰ ক্ষেত্ৰত তৃতীয় পদক্ষেপ হিচাপে কোনোধৰণৰ প্ৰব্ৰজনকাৰীয়ে যাতে নতুনকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বা আন কোনো উপায়েৰে সংস্থাপিত হ'ব নোৱাৰে তাৰবাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰা ।

উক্ত তিনিটা পদক্ষেপ প্ৰশাসনীয় আৰু আইন ব্যৱস্থাৰ জৰিয়তে কেৱল আমাৰ নিৰ্বাচিত চৰকাৰে গ্ৰহণ কৰিব পাৰে । সেয়েহে প্ৰব্ৰজনবিৰোধী মঞ্চই গুৱাহাটীত ৮ ডিচেম্বৰত 'সচেতন ৰাইজৰ সমাবেশ' অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই ।

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ৩১ জানুৱাৰী, ২০১৯ চনৰ ভিতৰত অসমৰ খিলঞ্জীয়া নেতা, দলসমূহে যাতে স্পষ্ট বাৰ্তা লাভ কৰিব পাৰে যে নেতাৰ অস্তিত্ব উল্লিখিত তিনিটা পদক্ষেপ গ্ৰহণ কৰাৰ ওপৰত নিৰ্ভৰশীল ।

উক্ত পদক্ষেপৰ সমৰ্থনত মধ্য আৰু নামনি অসমৰ বিভিন্ন ভুক্তভোগী খিলঞ্জীয়াৰ প্ৰতিনিধিয়ে তথ্য আৰু যুক্তিৰে তেওঁলোকৰ অনুভৱ ব্যক্ত কৰিব বুলি জানিব পৰা গৈছে ।

Your Comments