চেঙাৰ পৰা সুৰজিৎ পাঠক
"অসমীয়াৰ তেজ অবিহনে প্ৰাপ্য দিবলৈ নিবিচৰা ৰক্ত পিপাসু ৰাষ্ট্ৰীয় দলবোৰক প্ৰত্যাখ্যান কৰাটো সময়ৰ দাবী । মিছলীয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চাহ বিক্ৰী কৰি থাকোঁতেই অসমৰ ৰাইজে অসম চুক্তিৰ জৰিয়তে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দিছে ।
অসমত কোন থাকিব সেয়া বিচাৰ কৰিবলৈ অসমৰ ৰাইজ আছে । মোডী কোন ?" এই মন্তব্য অগপ দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ ।
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বহৰিত আজি অসম গণ পৰিষদ দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি কংগ্ৰেছ আৰু বিজেপি দলক কঠোৰ সমালোচনা কৰি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে কয়- মহাপুৰুষসকলে সমন্বয়েৰে গঢ়ি যোৱা অসমীয়া জাতিটোক নিঃশেষ কৰিবলৈ এতিয়া নাগপুৰত ষড়যন্ত্ৰ চলিছে ।
কিন্তু ৮৫৫জন ছহিদৰ সাহসেৰে সাহসী অসমৰ ৰাইজে অস্তিত্বৰ যুঁজ এতিয়াও চলাই আছে । অগপ নেতাগৰাকীয়ে পঞ্চায়তৰ পৰায়ে নহয় অসমৰ পৰাই বিজেপি আৰু কংগ্ৰেছ দলক বিদায় দিবলৈ আহ্বান জনাই পুনৰ কয়- জাতীয়তাবাদী শক্তি অবিহনে অসম আৰু অসমীয়া যে সুৰক্ষিত নহয় এই কথা পুনৰ প্ৰতিপন্ন হৈছে ।
নেতাগৰাকীয়ে দিল্লীৰ ওচৰত আঁঠু লোৱা তথাকথিত ৰাজনৈতিক নেতাৰ হাতত অসম ভূ-লুণ্ঠিত হৈ আহিছে, হৈ গৈ আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । মহাপুৰুষসকলৰ সমন্বয় আৰু বৰঅসম গঢ়াৰ দৃষ্টিভংগীৰে একত্ৰিত হৈ সকলো জাতি-জনগোষ্ঠী মিলি ৰাষ্ট্ৰীয় শোষণ আৰু প্ৰৱঞ্চনাৰ বিৰুদ্ধে মহাসংগ্ৰাম পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে আৰম্ভ কৰিবলৈ অগপ নেতাগৰাকীয়ে আহ্বান জনায় ।
উল্লেখ্য যে বহৰি বজাৰত অনুষ্ঠিত আজিৰ উদ্বোধনী সভাখনৰ আঁতধৰে দলটোৰ বৰপেটা জিলা অগপৰ উপ-সভাপতি ৰবিউল হুছেইনে । চেঙা সমষ্টি অগপ সমিতিৰ সভাপতি অমিয় কুমাৰ তালুকদাৰে সভাপতিত্ব কৰা সভাখনত দলটোৰ যুৱ পৰিষদৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক হৃষিকেশ তালুকদাৰ, "ঐ খাপলা" ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা বিমল তালুকদাৰকে ধৰি অগপ দলৰ কেইবাজনো প্ৰাৰ্থী, নেতা, কৰ্মী, সমৰ্থক উপস্থিত থাকে ।
- Log in to post comments
- 38 views