তামুলপুৰৰ ভিন্ন ঠাইত বনৰীয়া হাতীৰ উপদ্ৰৱ

a

তামুলপুৰৰ বিভিন্ন  ঠাইত এতিয়াও অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ নিশা তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ চেঁচাপানী, দৰঙাপাৰ, আঙাৰকাটাত বন্য হস্তীয়ে উপদ্ৰৱ চলাই কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি চূড়মাৰ কৰাৰ লগতে বাৰীৰ তামোল, মালভোগ কলৰ বাগান, পথাৰৰ পকা ধান খায় তহিলং কৰে ৷

বন্যহস্তীৰ তাণ্ডৱত সম্পূৰ্ন গৃহহীন হয় পৰে কেইবাটাও পৰিয়াল ৷ আনকি কাপোৰ-কানি, চাউল-দাইলো  নষ্ট কৰে হাতীৰ জাকটোৱে । ফলস্বৰূপে অনাহাৰে অনিদ্ৰাই থাকিব লগা হৈছে ক্ষতিগ্ৰস্ত লোকসকল ৷ হাতীৰ  আক্ৰমনৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাজনো শিশু-মহিলাসহ অসুস্থলোকৰ ৷

উল্লেখ্য যে বিগত বহুদিন ধৰি বন্য হস্তীৰ জাক এটাই সীমান্তবৰ্তী অঞ্চলটোত অব্যাহত ৰাখিছে তাণ্ডৱ ৷ হাতীৰ আক্ৰমনত আতংকিত হৈ বিনিদ্ৰ ৰজনী কটোৱা বৃহত্তৰ অঞ্চলবাসী ৰাইজে চৰকাৰ তথা বন বিভাগৰ লোকক হাতীটোৰ লগতে হাতীৰ জাকটো খেদি পঠিৱাবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ৷

জানিব পৰামতে হাতীৰ বৃহৎ জাকটোৱে নিশা গাঁৱত উপদ্ৰৱ চলাই পুৱা ৰঙিয়া-ভূটান ঘাইপথ পাৰ হৈ ভূটান সীমান্তৰ বগাজুলী সংৰক্ষিত বনাঞ্চলত অৱস্থান কৰি আছে ৷

Your Comments