শচীনে আৰম্ভ কৰিলে ক্ৰিকেট একাডেমী

tendulkr

ক্ৰিকেটৰ ‘ভগৱান’ শচীন তেণ্ডুলকাৰে আৰম্ভ কৰিলে ক্ৰিকেট একাডেমী৷ অৱসৰ গ্ৰহণ কৰাৰ পাঁচবছৰ পিছত মাষ্টাৰ ব্লাষ্টাৰজনে আৰম্ভ কৰিলে এই ক্ৰিকেট একাডেমী৷ক্ৰিকেট খেলা দেশসমূহৰ লগতে অন্যান্য দেশতো তেওঁ প্ৰশিক্ষণ দিব৷ ৯ বছৰৰ পৰা ১৪ বছৰৰ ভিতৰৰ ল’ৰাৰ লগতে ছোৱালীকো প্ৰশিক্ষণ দিয়া হ’ব৷ শচীনে অৱশ্যে অকলে একাডেমী মুকলি কৰা নাই৷ লগত লৈছে ইংলেণ্ডৰ কাউণ্টি দল মিডলমেক্সক৷ একাডেমীৰ নাম দিছে ‘তেণ্ডুলকাৰ মিডলমেক্স একাডেমী’৷ প্ৰশিক্ষণ মুম্বাইৰ লগতে মিডলমেক্সতো হ’ব৷

তেণ্ডুলকাৰে কয়- ‘বহুতে মোক কিবা এটা কৰিবলৈ কয়৷ কিন্তু কি কৰাটো বিচাৰে স্পষ্ট নহয়৷ মই ভাবিলো ক্ৰিকেটৰ লগত থকা কাম এটাকে কৰোঁ৷ কিন্তু যাৰ লগত কাম কৰিম, তেওঁলোকৰ লগত ভাব-চিন্তাৰ মিল থকা দৰকাৰ৷ মিডলমেক্সৰ লগত মোৰ সেই সম্পৰ্ক আছে৷’ শচীনৰ ইচ্ছা-বিশ্বৰ বিভিন্ন দেশত ক্লাব খোলা, য’ত টেনিছ, বেডমিণ্টন, টেবল টেনিছ, ছুইমিং আদি সকলো খেল থাকিব৷ সেই বাবে একাডেমীৰ নামৰ লগত ক্ৰিকেট শব্দটো অনা নাই৷ খেলক আগুৱাই নিয়াৰ লক্ষ্য শচীন তেণ্ডুলকাৰৰ৷

Your Comments