নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
ৰাজ্যত গ্ৰামাঞ্চলত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ সময়তে মঙলবাৰে নিশা নগাঁও জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰাইডংগীয়া বড়িত উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা। জাজৰি আৰক্ষীয়ে চলোৱা এক অতৰ্কিত অভিযানত উদ্ধাৰ কৰা হয় সুৰাখিনি। জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীণ চন্দ্ৰ ভৰালীৰ নেতৃত্বৰ যোৱা আৰক্ষীৰ দলটোৱে ৰাইডংগীয়া বড়িৰ এখন দোকানৰ পৰা অবৈধভাৱে মজুত কৰি থোৱা অৱস্থাত বিলাতী সুৰাখিনি জব্দ কৰে। লগতে আৰক্ষীৰ দলটোৱে এখন স্কুটাৰৰ বাকচৰ পৰাও অবৈধভাৱে ৰাখি থোৱা বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে একাংশ দুষ্টচক্ৰই গাঁৱে-ভূঞে অবৈধ বিলাতী সুৰাৰ ব্যৱসায় চলাই সামাজিক পৰিবেশ বিনষ্ট কৰিবলৈ চেষ্টা চলাইছে, যিয়ে নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ সূচনা কৰিব পাৰে বুলি সচেতন মহলে উদ্বিগ্নতা প্ৰকাশ কৰিছে।
- Log in to post comments
- 15 views