মৰিগাঁৱৰ পৰা জিতুমণি নাথ
তীৰ বুকীৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে মৰিগাঁও আৰক্ষীয়ে। বিশেষকৈ মৰিগাঁও সদৰ থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ নাথৰ নেতৃত্বত আৰম্ভ হৈছে এই অভিযান।
আৰক্ষী বিষয়াজনৰ অভিযান কালত মঙলবাৰে মৰিগাঁও নগৰৰ সমীপৰ বৰিগাঁৱৰ পৰা জহৰউদ্দিন নামৰ তীৰ বুকীজনক ৩,১৫০ টকা সহ গ্ৰেপ্তাৰ কৰাৰ লগতে আজি দন্দুৱাৰ পৰা দুদুল ডেকা নামৰ তীৰ বুকীজনক ৮,৫৫০ টকাসহ গ্ৰেপ্তাৰ কৰে। মুঠ ১১,৭০০ টকা নগদ ধন জব্দ কৰিছে আৰক্ষীয়ে । মৰিগাঁও আৰক্ষীৰ এই অভিযানক সচেতন মহলে আদৰণি জনাইছে।
- Log in to post comments
- 11 views