কাকমাৰী গাঁও পঞ্চায়তত বিজেপিৰ ৰণডংকা : নিৰ্বাচনী কাৰ্যালয় মুকলি 

a

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থীসমূহ সম্প্ৰতি ব্যস্ত হৈ পৰিছে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ অংকত | প্ৰস্তুত কৰিছে নতুন সমীকৰণ, ঘনে ঘনে সলনি হৈছে দৃশ্যপট ৷ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২১ নং কাকমাৰী গাঁও পঞ্চায়তৰ ভিতৰচ'ৰাতো চলিছে প্ৰতিটো দলৰে নিৰ্বাচনী কুচকাৱাজ | আজি পঞ্চায়তটোৰ অন্তৰ্গত ভালুকমাৰী গাঁৱত এক নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি যেন নিৰ্বাচনী ৰণশিঙা বজালে বিজেপি দলে।

কেইবাশতাধিক দলীয় জ্যেষ্ঠ আৰু যুৱ নেতা- কৰ্মীৰ উপস্থিতিত কাৰ্যালয়টি আনুষ্ঠানিকভাৱে মুকলি কৰে দলংঘাট মণ্ডল বিজেপিৰ সভাপতি যজ্ঞেশ্বৰ বৰাই। উল্লেখ্য যে, পূৰ্বে আঞ্চলিকাবাদী দল অগপৰ দখলত থকা পঞ্চায়তটোত বিগত বিধানসভা নিৰ্বাচনৰ পাছৰেপৰা বিজেপি দলৰ ভেটি যথেষ্ট মজবুত হৈছে | অগপৰ আমোলত পঞ্চায়তটোত বিভিন্ন আঁচনি ৰূপায়ণত সংঘটিত দুৰ্নীতি নিৰ্মূল কৰাক মূল ইচ্ছ্যু ৰূপে লৈ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা অন্যতম সক্ৰিয় যুৱনেতা লক্ষ্যজ্যোতি হাজৰিকাই প্ৰচাৰ কাৰ্য বৰ্তমান তীব্ৰতৰ কৰি তুলিছে।  

ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী গীতা বৰদলৈয়ে পঞ্চায়তটোত এতিয়ালৈকে বিশেষ প্ৰচাৰকাৰ্য চলোৱা দৃষ্টিগোচৰ হোৱা নাই। ইপিনে, অসম গণ পৰিষদ দলৰ সভাপতি পদৰ প্ৰাৰ্থী ৰবীন মেধিৰ স্থিতি কংগ্ৰেছী প্ৰাৰ্থীগৰাকীৰ তুলনাত সন্তোষজনক।

প্ৰকাশযোগ্য যে, বিগত বিধানসভাৰ নিৰ্বাচনত গাঁও পঞ্চায়তটোৰ ৮৩ % ভোটাৰ ৰাইজে বিজেপিৰ পক্ষত ভোটদান কৰা পৰিসংখ্যালৈ লক্ষ্য কৰিলে পঞ্চায়তটোত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থীজনৰ পথ সুগম বুলি অনুমান কৰা হৈছে যদিও আচলতে কোন দলৰ প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় সেয়া লক্ষণীয় হ'ব।

Your Comments