বঙাইগাঁও জিলাত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিল পৰ্ব সম্পন্ন হৈছে ৷ সেই অনুসৰি জিলাখনৰ বঙাইগাঁও সদৰ মহকুমা আৰু মাণিকপুৰ মহকুমাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে যোৱা ৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা মনোনয়ন পত্ৰ দাখিলৰ সোমবাৰে শেষৰ দিনটোৰ পিচত মহকুমা দুটাৰ ৭ টা জিলা পৰিষদ সমষ্টিৰ সদস্য পদৰ বাবে অগপ দলৰ ৯ জন, এআইইউডিএফৰ ২ জন, বিজেপিৰ ৭ জন , বিপিএফৰ ১ জন, চিপিআই (এম)ৰ ২ জন, কংগ্ৰেছৰ ৮ জন আৰু ৩ জন নিৰ্দলীয় প্ৰাৰ্থীকে ধৰি মুঠ ৩২ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷
আনহাতে ২৮ খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদৰ বাবে অগপৰ ২৭ জন, এআইইউডিএফৰ ৪ জন, বিজেপিৰ ২২ জন, বিপিএফৰ ২ জন, চিপিআই( এম)ৰ ৫ জন, কংগ্ৰেছৰ ২৮ জন আৰু ১৭ জন নিৰ্দলীয়কে ধৰি মুঠ ১০৫ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ সেইদৰে ২৮ খন গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে অগপৰ ২৭ জন, এআইইউডিএফৰ ৫ জন, বিজেপিৰ ২৩ জন, বিপিএফৰ ২ জন, চিপিআই(এম) ৰ ৬ জন, কংগ্ৰেছৰ ২৮ জন আৰু ১৩ জন নিৰ্দলীয় প্ৰাৰ্থীকে ধৰি মুঠ ১০৪ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷
একেদৰে মহকুমা দুটাৰ ২৮০ জন গাঁও পঞ্চায়ত সদস্য পদৰ বাবে অগপৰ ২৪৫ জন, এআইইউডিএফৰ ১১জন, বিজেপিৰ ১৬৪ জন, বিপিএফৰ ২২ জন, চিপিআই (এম)ৰ ২৮ জন, কংগ্ৰেছৰ ২৩৬ জন আৰু ৯২ জন নিৰ্দলীয় প্ৰাৰ্থীকে ধৰি মুঠ ৭৯৮ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷
দাখিল কৰা মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ চলি আছে আৰু বৃহস্পতিবাৰে আবেলি ৩ বজাৰ ভিতৰত কোনোবা প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব বিচাৰিলে প্ৰত্যাহাৰ কৰিব পাৰিব ৷ উল্লেখ্য যে মহকুমা দুটাৰ জিলা পৰিষদৰ সদস্য , আঞ্চলিক পঞ্চায়তৰ সদস্য, গাঁও পঞ্চায়তৰ সভাপতি আৰু পঞ্চায়ত সদস্য পদৰ বাবে সৰ্বমুঠ ১০৩৯ জনে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷
- Log in to post comments
- 15 views