সীমিত অভাৰ ক্ৰিকেটৰ পৰা মহেন্দ্ৰ সিং ধোনীয়ে অবসৰ গ্ৰহণ কৰিব নেকি? এই প্ৰশ্নটোক লৈ ক্ৰীড়া বিশ্বত আলোচনা তুংগত৷ কেৱল আই পি এলত চেন্নাই ছুপাৰ কিছতহে দেখা যাব নেকি ধোনীক?মেচ শেষ হ’লে ষ্টাম্প এডাল সংগ্ৰহ কৰাটো ধোনীৰ অভ্যাস৷ কিন্তু কেতিয়াও বল সংগ্ৰহ নকৰে৷ কিন্তু এইবাৰ বল সংগ্ৰহ কৰিলে৷
ধোনীয়ে কোনো কথা নিজে প্ৰচাৰ নকৰে৷ সংবাদ মহলৰ পৰা সততে দূৰত থাকে৷ কেতিয়া কি সিদ্ধান্ত গ্ৰহণ কৰে, সতীৰ্থ সকলেও গম নাপায়৷ চাৰি বছৰ পূৰ্বে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে৷ সতীৰ্থসকলেই গম নাপালে৷ সেই সময়ত ধোনী আছিল ভাৰতীয় দলৰ অধিনায়ক৷ মেলব’ৰ্ণত পুৰস্কাৰ গ্ৰহণ কৰিবলৈ অহাৰ পিছতো কোনেও গম নাপালে যে, সেইখনেই ধোনীৰ অন্তিমখন টেষ্ট খেল৷ আধা ঘণ্টাৰ পিছত অৱসৰ গ্ৰহণৰ সিদ্ধান্ত ঘোষণা কৰিলে৷ এতিয়া বহু প্ৰশ্ন৷ ধোনীয়ে ক্ৰিকেটৰ পৰা সম্পূৰ্ণ বিদায় ল’ব নেকি?
সৌৰভ গাংগুলীৰ মন্তব্য- ধোনীক স্বাভাৱিক যেন পৰিলক্ষিত হোৱা নাই৷ প্ৰাক্তন ভাৰতৰ অধিনায়কজনে অৱসৰৰ কথা চিন্তা কৰিব পাৰে বুলি সৌৰভ গাংগুলীয়ে মন্তব্য প্ৰকাশ কৰে৷
- Log in to post comments
- 16 views