সোণাৰিৰ টিমনহাবি চাহ বাগিচাৰ পৰিচালকক অস্ত্ৰধাৰী যুৱকৰ দ্বাৰা অপহৰণ

s

সোণাৰিৰ পৰা ঘন বড়া 

চৰাইদেউৰ সোণাৰিৰ টিমনহাবি চাহ বাগিচাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱাক যোৱা কালি সন্ধিয়া ৭-৩৫ বজাত সেনাৰ পোছাকত অহা চাৰিজনীয়া অস্ত্ৰধাৰী যুৱকৰ দলে নিজকে আলফা স্বাধীনৰ সদস্য বুলি পৰিচয় দি অপহৰণ কৰা এক ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ধনশিৰি কোম্পানীৰ বিষ্ণুপুৰ বাগিচাৰ অধীনস্হ টিমনহাবি চাহবাগিচাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱাৰ বাসগৃহত সন্ধিয়া কলিং বেল বজোৱাত পৰিচালকগৰাকীয়ে দুৱাৰ খুলি দিয়াত অস্ত্ৰধাৰী দলটোৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰে ।

দলটোৱে নোমল বৰুৱাৰ লগত কথা থকা বুলি কোৱাত পত্নী ননিমা বৰুৱাই কিয় মোৰ স্বামীক নিব আহিছে বুলি প্ৰশ্ন কৰাত দলটোৱে চাহবাগিছাৰ মালিকৰ সংক্ৰান্তত কথা আছে বুলি কৈ লৈ যায় ৷ অসমীয়া ভাষাতে কথা কোৱা দলটোক পত্নীগৰাকীয়ে কাতৰ অনুৰোধ জনোৱাত দলটোৱে সুষ্টভাৱে ঘুৰাই দিয়াৰ আশ্বাস দি ঘটনা সম্পৰ্কত কাকো অৱগত নকৰিবলৈ অনুৰোধ জনাই ঘৰৰ ম'ৱাইল ফোনসমূহ দলটোৱে লৈ য়ায় ৷

উক্ত সময়ত ঘৰত কৰ্মচাৰী আৰু কণমানি পুত্ৰ  আছিল ৷ দলটোৱে পৰিচালকগৰাকীক খোজকঢ়াই বাগিচাৰ মাজেৰে লৈ যায় ৷ ইফালে পত্নীগৰাকীয়ে বৰহাট আৰক্ষী থানাত পুৱা সমগ্র ঘটনা জনোৱাৰ লগতে এজাহাৰ দাখিল কৰে ।  ঘটনাৰ সৰ্ন্দভত জিলা আৰক্ষী অধীক্ষক আৰু সেনাৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

Your Comments