বঙাইগাঁৱত অবৈধ কাঠ ফলা মিলসহ এজনক আটক

s

বঙাইগাঁও আই উপত্যকা বন সংমণ্ডলৰ অধীনৰ বিশেষ বন সুৰক্ষা বাহিনীয়ে আজি পুৱা জিলাখনৰ দিগদাৰী অঞ্চলত অভিযান চলাই অবৈধভাৱে চলি থকা এটা কাঠ ফলা মিল জব্দ কৰাৰ লগতে আজাহাৰ আলী নামৰ লোক এজনকো আটক কৰিবলৈ সক্ষম হয় ৷ অভিযানকাৰী দলটোৱে ফলা কাঠৰ লগতে কাঠৰ কুণ্ডাও জব্দ কৰে ৷

পিচত জব্দ কৰা অবৈধ মিলটোৰ লগতে ফলা কাঠ আৰু আটক কৰা লোকজনক বঙাইগাঁওস্থিত বন সংমণ্ডলৰ কাৰ্যালয়লৈ লৈ আহে ৷ বিশেষ বন সুৰক্ষা বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়া ঘৃত্য কুমাৰ ৰায়ে জানিবলৈ দিয়া মতে বন সংমণ্ডল বিষয়াৰ নিৰ্দেশ ক্ৰমে এই অভিযান চলোৱা হয় আৰু আটক কৰা লোকজনক বন আইন মতে আদালতত হাজিৰ কৰা হ'ব ৷ আনহাতে ৰৈ যোৱা বাকী কাঠৰ কুণ্ডাসমূহ বহলপুৰ আঞ্চলিক বন বিষয়াক জব্দ কৰি নিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি কয় ৷

s

ইপিনে আটকাধীন আজাহাৰ আলী নামৰ লোকজনে নিজৰ ঘৰ চাপটগ্ৰামত বুলি প্ৰকাশ কৰাৰ লগতে মঙলবাৰেহে মিলটোত শ্ৰমিক হিচাপে কাম কৰিবলৈ আহিছিল বুলি কয় ৷ লগতে মিলটোৰ গৰাকীৰ নাম জনৈক লুকু বুলিও প্ৰকাশ কৰে ৷ উল্লেখ্য যে বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চত ভালেকেইটা অবৈধ কাঠৰ মিল চলি থকা বুলি জানিব পৰা গৈছে ৷

Your Comments