ৰাজ্যিক মৰ্যদাৰে সম্পন্ন প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰৰ শেষকৃত্য 

s

হৃদৰোগত আক্ৰান্ত হৈ সোমবাৰে পুৱা আকস্মিকভাৱে বিয়োগ ঘটা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক চন্দন কুমাৰ সৰকাৰৰ শেষকৃত্য আজি অভয়াপুৰীৰ বাতাবাৰী শ্মশানত ৰাজ্যিক মৰ্যদাৰে সম্পূৰ্ণ কৰা হয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ ক্ৰমে বঙাইগাঁও জিলা প্ৰশাসন আৰু উত্তৰ শালমাৰা মহকুমা প্ৰশাসনে ৰাজ্যিক মৰ্যদাৰে পুৱা সম্পন্ন কৰা শেষকৃত্য অনুষ্ঠানত জিলা উপায়ুক্ত বাবুলাল শৰ্মাই ৰাজ্য চৰকাৰৰ হৈ প্ৰাক্তন মন্ত্ৰীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনায় ৷

s

শেষকৃত্য অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মন, উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহাল, মহকুমা আৰক্ষী বিষয়া সমন্বিতে অন্যান্য বিষয়া আৰু বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে উপস্থিত থাকি প্ৰাক্তন বিধায়কগৰাকীক শেষ শ্ৰদ্ধা জনায় ৷ লগতে আত্মাৰ সদগতি কামনা কৰি দুই মিনিত সময় মৌনতা অৱলম্বন কৰা হয় ৷

উল্লেখ্য যে প্ৰয়াত চন্দন কুমাৰ সৰকাৰে ১৯৯১, ২০০১ আৰু ২০১১ চনত দক্ষিণ অভয়াপুৰী (অনুসূচীত জাতি) বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ লগতে তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ দলৰ চৰকাৰৰ সময়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংসদীয় সচিব আছিল ৷ পিচলৈ তেঁও ৰাজ্য চৰকাৰৰ  জলসিঞ্চন আৰু ভূমি সংৰক্ষণ বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল ৷ শেষকৃত্য অনুষ্ঠানত অগনন গুণমুগ্ধ উপস্থিত থাকে ৷

Your Comments