গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
গোলাঘাটবাসীয়ে অধীৰ অপেক্ষাৰে ৰৈ থকা বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাত গোলাঘাট জিলাৰ বৰপথাৰৰ জিয়াৰী, অসম গৌৰৱ লাভলীনাই ছেমি ফাইনেলত প্ৰৱেশ কৰি বিশ্ব চেম্পিয়নশ্বিপৰ চূড়ান্ত পৰ্যায়লৈ যোৱাৰ আশা সজীৱ কৰি তুলিছে ।
নতুন দিল্লীৰ কে ডি যাদৱ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা প্ৰতিযোগিতাখনিত ৬৯ কেজি শাখাত আজি কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ ফ্ৰান্সেছ স্কৰ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হৈ লাভলীনাই ৫-০ পইণ্টৰ ব্যৱধানত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰে ।
পুৱা ঘৰলৈ ফোন কৰি পিতৃ-মাতৃৰ আশীৰ্বাদ লোৱা লাভলীনাই আত্মবিশ্বাসেৰে মাতৃৰ আগত জিকাৰ নিশ্চয়তা প্ৰদান কৰিছিল ।
লাভলীনাৰ সাফল্যত পৰিয়ালটিয়ে আনন্দিত হোৱাৰ লগতে ঘৰখনৰ সহযোগিতা সদায় স্বীকাৰ কৰি অহা লাভলীনাৰ আজিৰ খেলখনে আত্মবিশ্বাস অধিক বৃদ্ধি কৰিলে বুলি মাতৃৰ আগত কোৱাৰ লগতে বিশ্ব চেম্পিয়নৰ আশাও সজীৱ কৰিলে ।
- Log in to post comments
- 34 views