৯১সংখ্যক হাউলী ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

৯১সংখ্যক হাউলী ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ হাউলীত অহা ২২ নৱেম্বৰৰ পৰা ১৫ দিনীয়াকৈ অনুষ্ঠিত হ'বলগা ৯১সংখ্যক ৰাস মহোৎসৱত বিশিষ্ট অভিনেতা, নাট পৰিচালক আৰু সংগীত-নাটক একাডেমি বঁটা প্রাপক দুলাল বৰাক প্রদান কৰা হ'ব হাউলী বঁটা-২০১৮ ৷

দেওবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে ৰাস মহোৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি ডঃ ভূপেন দাস, কার্যকৰী সভাপতি টিকেন্দ্রজিৎ দাস আৰু সম্পাদক উৎপল নাথে । সংবাদমেলত সদৰী কৰা মতে, ৰাস মহোৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচী ৬ ডিচেম্বৰত বিশিষ্ট অভিনেতাগৰাকীক এই বঁটা আগবঢ়োৱা হ'ব ।

৯১সংখ্যক হাউলী ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

বঁটাৰ লগত প্রশস্তি-পত্ৰ আৰু নগদ ধনো প্ৰদান কৰা হ'ব । অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ প্রেছ উপদেষ্টা হৃষিকেশ গোস্বামী, শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্য আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকিব ।

আনহাতে, প্রায় ৯০ লাখ টকা বাজেটেৰে অনুষ্ঠিত হ'বলগা ৯১সংখ্যক হাউলী ৰাস মহোৎসৱত দর্শকক আকর্ষিত কৰাৰ বাবে মহোৎসৱস্থলীত প্রায় ১০০জনীয়া শিল্পীৰ দল এটাই ৰামায়ণ, মহাভাৰত আৰু বেদ-উপনিষদৰ আধাৰত প্রায় ১০০তকৈও অধিক মৃন্ময় মূর্তি সাজি উলিয়াইছে ।

এইবাৰৰ ৰাস মহোৎসৱত দর্শকক আকর্ষিত কৰিব বাবে মুখ্য মন্ত্রী বঁটা বিজয়ী শিল্পী বিজয় গোস্বামীয়ে বৃন্দাবনক জীৱন্ত ৰূপত উপস্থাপন কৰিব । সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীয়ে ধৰ্মধ্বজা উত্তোলনেৰে ৰাস মহোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব । ৰাস মহেংসৱ উপলক্ষে উলিওৱা বর্ণিল সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব বৰপেটাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই ।

সন্ধিয়া ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে । ইয়াৰ পাছতে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে গ্রন্থমেলা আৰু প্রদর্শনীৰ দ্বাৰ উন্মোচন কৰিব । ৰাস মহোৎসৱ উপলক্ষে প্রস্তুত কৰি উলিওৱা স্মৰণিকা ‘মুৰুলী' উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক অনুৰাধা শর্মা পূজাৰীয়ে ।

মুখ্য অতিথি হিচাপে উপস্থিত থাকিব 'আমাৰ অসম' কাকতৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰু । আনহাতে, সন্মানীয় অতিথি হিচাপে বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্র নাথ দাস আৰু বিশিষ্ট অতিথি হিচাপে প্রাক্তন সাংসদ কুমাৰ দীপক দাস উপস্থিত থাকি বুলি সংবাদমেলত জানিবলৈ দিয়ে ।

ৰাস মহোৎসৱৰ আটাইকেইদিনৰ কাৰ্যসূচীতে ভাৰতীয় সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ আধাৰত সাংস্কৃতিক কার্যক্রম মহিলাৰ লোকাচাৰ, দিহানাম, থলুৱা সাজপাৰৰ ভিত্তিত সৌন্দর্য প্রতিযোগিতা, একক দলীয় নৃত্য, ৰাভা সংগীত, জ্যোতি সংগীত, ভূপেন্দ্র সংগীত প্রতিযোগিতা, চিত্রাংকন প্রতিযোগিতা, হোলীগীত, বৰগীত, লোকগীত, বীৰনাম, মূকাভিনয়, বৰঢুলীয়া আদি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ'ব ।

এইবাৰ সঙ্গীতানুষ্ঠানৰ অন্যতম আকর্ষণ হৈছে পাপন মহন্ত, নাহিদ, কুসুম কৈলাস আদি শিল্পীসকল ।

Your Comments