নগাঁৱৰ পৰা ৱাহিদুদ জামান
নগাঁও জিলাৰ জুৰীয়াৰ সমীপৰ ঐতিহ্যমণ্ডিত সোণাইঘাট চলচলি হাফিজীয়া মাদ্ৰাছাৰ ২৫ বছৰ পূৰ্তি উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ সোমবাৰে নিশা সামৰণি পৰে ।
তদুপলক্ষে সন্ধ্যা অনুষ্ঠিত মুকলি সভাত মাদ্ৰাছাখনৰ পৰা বিগত তিনি বছৰত হাফিজী ডিগ্ৰী লাভ কৰা মুঠ ২৫গৰাকী কৃতিমান ছাত্ৰক দস্তাৰবন্দী অৰ্থাৎ পাগুৰি, মানপত্ৰ প্ৰদান কৰা হয় ৷ কাৰ্যসূচী অনুসৰি, পুৱা ৬ বজাৰ পৰা স্বচ্ছতা অভিযান, পতাকা উত্তোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে শিক্ষাবিদ মাইনুল হক আৰু সমাজকৰ্মী আব্দুল মতিন চৌধুৰীয়ে ৷
হাফিজ ৰফিকুল ইছলামে বিভিন্ন প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰাৰ অন্তত দিনৰ ১০ বজাৰ পৰা আলহাজ ছৈয়দ আলীৰ সভাপতিত্বত বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ৷ বিয়লি ২ বজাৰ পৰা শিক্ষাবিদ ফজলুল হক মৰলৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷
মাদ্ৰাছাৰ উপ-সভাপতি তথা অভ্যৰ্থনা সমিতিৰ সম্পাদক মোস্তাফা কামালে আঁতধৰা আৰু উদ্দেশ্য ব্যখ্যা কৰা গাম্ভীৰ্যপূৰ্ণ সভাত শিক্ষাবিদ আবুল কাশেম, ডা: ফৰিদুল হোছেইন, ডা: মনিৰুল হক, হাফিজ নুৰুল হক, ডা: বাহাৰুল ইছলাম, সমাজকৰ্মী চাহাবুদ্দিন, মৌলানা মুহিবুল্লাহ কাচিমীকে ধৰি জিলাখনৰ বিভিন্ন স্তৰৰ বৰেণ্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে ৷
সন্ধ্যা ৫ বজাৰ পৰা মোস্তাফা কামালৰ পৰিচালনাত আৰম্ভ হয় উৎসৱটিৰ মুল অনুষ্ঠান দস্তাৰবন্দী আৰু পাগুৰি প্ৰদান । এই অনুষ্ঠানত মুখ্য আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে হোজাই জালালীয়া মাদ্ৰাছাৰ মুহাদ্দিছ পাৰৱেজ আলম, মুফতী আ: ৰৌফ আৰু অসম বিখ্যাত সুৰকাৰী মোকাব্বিৰ হুছেইন ৷
মাদ্ৰাছাখনৰ ৰূপালী জয়ন্তী বৰ্ষৰ এই শুভাৰম্ভণি অনুষ্ঠানত জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে মুঠ ৬০গৰাকী অভিভাৱক আৰু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷ নিশা ৮ বজাৰ পৰা তেজপুৰৰ শিক্ষাবিদ মৌলানা নেকবৰ আলীৰ সুললি়ত কণ্ঠৰ ধাৰ্মিক ভাষণে উপস্থিত সহস্ৰাধিক ৰাইজক দুপৰ নিশালৈকে আপ্লুত কৰি তোলে ।
- Log in to post comments
- 9 views